বৰপেটা,১০ জুলাই: বৰপেটাৰ বামনাৰ কূৰত সোমবাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়। বামনাৰ কূৰত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো তহিৰণ নেচা বুলি চিনাক্ত কৰা হৈছে । মৃত শিশুটিৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে ।
বৰপেটাৰ চিচা নৈত উটি যোৱা শিশুৰ মৃতদেহ উদ্ধাৰ
ধুবুৰীৰ পৰা বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ভক্তৰডবা গাঁৱৰ সম্পৰ্কীয় লোকৰ ঘৰলৈ আহিছিল শিশুটি। সোমবাৰে চিচা নৈত গা ধূবলৈ গৈ শিশুটি নৈৰ বাঢ়নি পানীত উটি গৈছিল ।
ধুবুৰীৰ পৰা বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ভক্তৰডবা গাঁৱৰ সম্পৰ্কীয় লোকৰ ঘৰলৈ আহিছিল শিশুটি । সোমবাৰে চিচা নৈত গা ধূবলৈ গৈ শিশুটি নৈৰ বাঢ়নি পানীত উটি গৈছিল। ভক্তৰডবা গাঁৱৰ কাষেৰে বৈ যোৱা চিচাজানত আন এটি শিশুৰ সৈতে সোমবাৰে গা ধূবলৈ গৈছিল তহিৰণ নেচা । তাৰপিচতে নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল দুয়োটা শিশুক। ইপিনে মঙলবাৰে উদ্ধাৰ হৈছিল ছাহিদা নামৰ আনটো শিশুৰ মৃতদেহ। আনহাতে আজি উদ্ধাৰ হোৱা তহিৰণ নেচা নামৰ শিশুটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।