জনীয়া,11 জানুৱাৰী: কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয় খেলপথাৰত ছিপা এন.জি.অৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হয় এখন দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে শিক্ষক ৰফিকুল ইছলামে ৷
আনহাতে প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসম উচ্চ শিক্ষাৰ প্ৰাক্তন সঞ্চালক দেলোৱাৰ হুছেইন আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এম মোজাম্মেল হুছেইনে ৷ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন মানিকপুৰ ভলীবল ক্লাৱ আৰু বালাগাওঁ ভলীবল ক্লাৱৰ মাজত অনুষ্ঠিত হয় ৷