বৰপেটা,18 চেপ্তেম্বৰঃ জলপথেৰে চৰ চাপৰিৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ বিপদ সংকুল যাত্ৰা ৷ শিক্ষকৰ অভাৱত দৈনিক বহু কিলোমিটাৰ অতিক্ৰম কৰি বিদ্যালয়ত শিক্ষাগ্ৰহণ ছাত্ৰ ছাত্ৰীৰ ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত সোণাবাৰী,জাউৰীমাৰী,বালিকুৰি গাঁও,বালিকুৰি পাথাৰ,ৰামাপাৰাকে ধৰি বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নাৱেৰে বিপদ সংকুলভাৱে যাত্ৰা কৰি বিদ্যালয়লৈ যাব লগা হয় ৷ কাৰণ বাঘবৰৰ দেউলদীত উত্তৰ-পশ্চিম দেউলদি মজলীয়া বিদ্যালয় নামেৰে এখন বিদ্যালয় আছে যদিও বিদ্যালয়খনত নাই এজনো শিক্ষক ৷
কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে ? - শিক্ষা
কেনেদৰে শিক্ষাগ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ-ছাত্ৰীয়ে ? শিক্ষকৰ অভাৱত দৈনিক জলপথেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যাত্ৰা ছাত্ৰ ছাত্ৰীৰ ৷
![কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে চৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4474756-thumbnail-3x2-barpeta---copy.jpeg)
আনহাতে দৈনিক নদী অতিক্ৰম কৰিব লগা হোৱা চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰিলেও সময়মতে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত যাৰ বাবে প্ৰত্যেক দিনেই এটা বা দুটা বিষয়ৰ পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হয় ছাত্ৰ-ছাত্ৰী সকল ৷ উল্লেখযোগ্য যে,মুখেৰে শিক্ষা খণ্ডৰ ব্যাপক উন্নয়নৰ কথা ক'লেও চৰাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ এনে অৱস্থাই শিক্ষা খণ্ডৰ বাস্তৱ ছবি দাঙি ধৰিছে ৷ এতিয়া শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি থকা চৰ চাপৰিৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা আৰু যাতায়তৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰি দিয়াৰ বাবে শিক্ষামন্ত্ৰীক দাবী উত্থাপন কৰিছে ৷