জনীয়া,4 ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টি তথা কলগাছিয়াত মানাহ আৰু বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ উচন হ'ল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে শস্য শ্যামলা খেতিপথাৰ । অনিদ্ৰা অনাহাৰে মুকলি পথাৰত নিশা কটাইছে খহনীয়াগ্ৰস্ত ৰাইজে ।
কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত ঐতিহাসিক মান-আহোমৰ শেষ ৰণস্থলী চতলা গাঁওখন মানাহ আৰু বেকী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত । বিগত চাৰি মাহ ধৰি গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নৈৰ গৰাখহনীয়াই ধ্বংস কৰিছে ৷