বৰপেটা, 6 নৱেম্বৰঃ ভয়ানক গৰাখহনীয়াৰ কবলত পৰিছে জনীয়া সমষ্টিৰ কেইবাখনো গাঁও ৷ জনীয়া সমষ্টিৰ বিভিন্ন অঞ্চলত ভয়ানক ৰূপ লোৱা গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে কেবাখনো গাঁও ৷ খহনীয়াত সৰ্বস্বান্ত শতাধিক লোক ৷ বাৰিষা গ'ল কিন্তু আতৰা নাই খহনীয়াৰ বিভীষিকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়া ৷ ভয়ংকৰ গৰাখহনীয়াই সন্ত্ৰাস অব্যাহত আছে জনীয়া সমষ্টিৰ বিভিন্ন অঞ্চলত। এটা সপ্তাহত জাহ গ'ল ৫০ টাৰোধিক পৰিয়াল। ১৬৭০ নম্বৰ উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয় জাহ যোৱাৰ উপক্ৰম হৈছে। বানপানীৰ সময়ৰ পৰা বৰ্তমানলৈকে সুতিৰপাথাৰ,কাউৰঝাহি,খাৰবাল্লি,আমগুৰিসম্পূৰ্ণৰূপে জাহ গৈছে বেঁকী নদীৰ বুকুত।
বেঁকীয়ে বেঁকা কৰিলে 300 পৰিয়ালৰ কঁকাল
বাৰিষা গ'ল কিন্তু আতৰা নাই খহনীয়াৰ বিভীষিকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়া ৷ ভয়ংকৰ গৰাখহনীয়াই সন্ত্ৰাস অব্যাহত জনীয়া সমষ্টিৰ বিভিন্ন অঞ্চলত। এটা সপ্তাহতে জাহ গ'ল ৫০টাৰো অধিক পৰিয়াল। ১৬৭০ নম্বৰ উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয় জাহ যোৱাৰ উপক্ৰম হৈছে ।
উল্লেখযোগ্য যে,ভয়ানক গৰাখহনীয়াৰ তীব্ৰ ভাবুকিৰ সম্মুখীন হৈছে কেইবাখনো বিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান। বেঁকীনদীৰ গৰাখহনীয়াই সন্ত্ৰাস চলাই জনীয়া সমষ্টিৰ মানচিত্ৰ সলনি কৰি অহাৰ পিছতো এতিয়ালৈ অসম চৰকাৰৰ মন্ত্ৰী বা চৰকাৰৰ কোনো এজন প্ৰতিনিধি,সাংসদ,বিধায়কে গৰাখহনীয়াত আক্ৰান্ত লোকৰ খবৰ লবলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । খহনীয়াত আক্ৰান্ত ৰাইজে বাঁহেৰে প্ৰতিৰোধৰ কাম কৰিবলৈ লৈছিল যদিও ধনৰ অভাৱত কাম আধাতে সামৰিবলগা হয়। চৰকাৰে আজিলৈকে বৃহত্তৰ অঞ্চলটোৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। অতি শীঘ্ৰেই ৰাইজে চৰকাৰৰ ওচৰত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ।
লগতে চাওকঃ একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনিটা অগ্নিকাণ্ড; গোৱালপাৰাত জ্বলিল চলন্ত ট্ৰাক