বৰপেটা,3 জুলাই : বৰপেটা জিলাত অব্য়াহত আছে বানৰ সংহাৰ ৷ বৰপেটাৰ কলগাছিয়াৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবড়ী,জয়পুৰ,ছিকাটাৰী, তাৰাকান্দী,চতলা আৰু সোনাবাৰী পঞ্চায়তৰ লগতে বাঘবৰ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ অন্তৰ্গত অধিকাংশ গাঁও বৰ্তমানো জলমগ্ন । সমষ্টিটোৰ ৭০ শতাংশ লোকৰ ঘৰৰ মুধচলৈকে বৈছে পানী । খাদ্য,স্বাস্থ্য,বিশুদ্ধ খোৱাপানী,শৌচাগাৰ আদি বিভিন্ন সমস্যাৰ লগত জৰ্জৰিত হৈ পৰিছে অঞ্চলবাসী । ধান,মৰাপাট আদি খেতি ধ্বংস হৈছে বানত । হাঁহ-কুকুৰা উটি গৈছে পানীত। খাদ্যৰ অভাৱত পশুধনৰ মৃত্যু হ'ব ধৰিছে ।
বৰপেটাত বেকী আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ সংহাৰ - ব্ৰহ্মপুত্ৰ
বৰপেটাৰ কলগাছিয়া বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী, জয়পুৰ, ছিকাটাৰী, তাৰকান্দি, চতলা আৰু সোনাবাৰীত বানৰ সংহাৰ । জলমগ্ন ৭০ শতাংশ গাওঁ । বিপদসীমা ওপৰেদি অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ বাঢ়নী পানী ।
বৰপেটাত বেকী আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ সংহাৰ
অঞ্চলটোৰ অধিকাংশ লোকৰ বাবে নাৱেই হৈ পৰিছে একমাত্ৰ ভৰসা। নাৱতেই খোৱা-বোৱাৰ লগতে পাৰ কৰিছে বিনিদ্ৰ ৰজনী। বাঘবৰ সমষ্টিত কেইখনমান দলং আৰু ৰাস্তাৰ পুন নিৰ্মাণৰ কাম কৰা হৈছিল যদিও অধিক লাভৰ বাবে দলং আৰু ৰাস্তা ওখ নকৰাৰ বাবে পথ আৰু দলঙৰ ওপৰেদি বাগৰিছে পানী । বানাক্ৰান্ত লোকে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি