বৰপেটা, 21 আগষ্টঃ বৰপেটাৰ খাৰবাল্লিত বিপদ সংকুল যাতায়াত ৰাইজৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ৷ দীৰ্ঘদিন ধৰি এখন টুলুঙা নাৱেৰেই যাতায়াত অব্যাহত ৰাইজৰ ৷
টুলুঙা নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়াত - ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়
দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে প্ৰশাসনে বালিৰে বান্ধ নিৰ্মাণ কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধটো ছিগি যায় ৷ আনকি উক্ত স্থানত ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছিল । কিন্তু বাৰিষাৰ সময়ত এই সাঁকোখনো বেঁকী নৈৰ সোঁতে উটুৱাই লৈ যায় । তাৰ পিছৰে পৰাই টুলুঙা নাৱেৰেই কণ- কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাতায়াত কৰিবলগা হৈছে ।
বৰপেটাৰ খাৰবাল্লিৰ বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে । বেঁকী নৈৰ সুঁতিৰ পূৱ পাৰে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি প্ৰত্যেক দিনেই অহা-যোৱা কৰিব লগা হৈছে ৷
উল্লেখ্য যে, দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে প্ৰশাসনে বালিৰে বান্ধ নিৰ্মাণ কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধটো ছিগি যায় ৷ আনকি উক্ত স্থানত ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছিল । কিন্তু বাৰিষাৰ সময়ত এই সাঁকোখনো বেঁকী নৈৰ সোঁতে উটুৱাই লৈ যায় । তাৰ পিছৰে পৰাই টুলুঙা নাৱেৰেই কণ- কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাতায়াত কৰিবলগা হৈছে । অভিভাৱকৰ লগতে শিক্ষক সকলে অতি শীঘ্ৰে উক্ত স্থানত এখন দলং নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ চৰকাৰৰ লগতে স্থানীয় সাংসদ আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।