বজালী, 11 জুলাইঃ বৰপেটা জিলাৰ বজালীত পহুমৰা নদীত হোৰা হোৰে বৃদ্ধি পাইছে নৈ খনৰ জল পৃষ্ঠ ৷ ভূটানৰ পৰা বৈ হৈ অহা নৈ খনৰ বাঢ়নী পানীত শনিবাৰে প্ৰথমে বজালীৰ গহীনপাৰাত মঠাউৰি ভগাৰ পিছতে কলৰগুড়িৰ মথাউৰি আন এটা ভাঙি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হয় ৷ ফলত ঐতিহাসিক দলো গোঁসাইৰ থানকে ধৰি পলকতে বৃহত্তৰ অঞ্চল প্লাৱিত হোৱাত মথাউৰিত আশ্ৰয় ল'ব লগা হয় স্থানীয় লোকসকল ৷
আনহাতে, কালদিয়া নৈৰ ভগা মথাউৰিৰ পানীৰ সোতে পলকতে খহাই নিছে এফালৰ পৰা ঘৰ দুৱাৰকে ধৰি বহু মুল্যৱান গছ-গছনি ৷ ভগা মথাউৰিৰ পৰিনতিত সমীপৰ 25 টা কৈ পৰিয়াল মথাউৰিত আশ্ৰয় ল'ব লগাত পৰিছে ৷ বানপানীৰ ফলত পাঠশালাৰ পশ্চিম প্ৰান্তৰ বিভিন্ন অঞ্চল যে পানীত ডুব যাব সেয়া নিশ্চিত কৰিছে স্থানীয়লোক সকলে ৷ মুগুৰীয়াকে আদি কৰি পাঠশালাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আদিও যে কিছু সময় পিছতে পানীত ডুব যাব তাক লৈ শংকিত হৈছে স্থানীয় লোকসকল ৷