অসম

assam

By

Published : Apr 24, 2020, 12:00 PM IST

ETV Bharat / state

জনীয়াত তীব্ৰ খাদ্য সংকট,গৰাখহনীয়াত উচন বহু লোক

কলগাছিয়াৰ চৰ খাৰবাল্লী গাংৱত বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া ৷ শতাধিক লোকৰ থকা ঘৰৰ লগতে বিঘাই বিঘাই কৃষি ভূমি বেকী নৈৰ গৰাখহনীয়াত জাহ যায় ৷

ETV BHARAt
জনীয়াত তীব্ৰ খাদ্য সংকট,গৰাখহনীয়াত উচন বহু লোক

জনীয়া, 24 এপ্ৰিলঃবৰপেটাৰ জনীয়া সমষ্টিৰ চৰ খাৰবাল্লী গাঁৱত বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া ৷ শতাধিক লোকৰ ঘৰ ভেটি উচন হোৱাৰ লগতে তীব্ৰ খাদ্য সংকটত পৰিছে অঞ্চলটোৰ ৰাইজ ৷

জনীয়াত তীব্ৰ খাদ্য সংকট,গৰাখহনীয়াত উচন বহু লোক

মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ দেশত এমাহ ধৰি চলি থকা লক ডাউনৰ ফলত কলগাছিয়াৰ চৰ অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ খাদ্য আৰু অৰ্থ সংকটে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে হোৱা ধুমুহাই চৰ খাৰবাল্লী গাঁৱত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ ভঙাৰ লগতে বহু পৰিয়ালৰ মূল্যৱান গছ-গছনি পশুধনৰ বিস্তৰ ক্ষতি হয় ৷ আনহাতে,খাৰবাল্লী গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ । উচন হৈছে বহু লোকৰ ঘৰ জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি ৷ তীব্ৰ খাদ্য সংকটত পৰাৰ বাবে অনাহাৰে থাকিব লগীয়া হৈছে ল'ৰা-ছোৱালীৰ ৷ চাৰিওফালৰ পৰা যেন চৰৰ খাৰবাল্লী গাঁৱৰ ৰাইজৰ বাবে নামি আহিছে ঘোৰ অমানিশা। ইমানৰ পাছতো কোনো এগৰাকী জনপ্ৰতিনিধিয়ে খবৰ এটাও নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাইজৰ। তাৰোপৰি গাওঁ খনৰ ২ শ ৭১টা পৰিয়ালৰ মাজত নাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ড। তেওঁলোক বঞ্চিত হৈছে চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ পৰা। শীঘ্ৰেই চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক-চৰাইদেউ প্ৰশাসনৰে বৈঠক মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details