অসম

assam

ETV Bharat / state

বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন - দামোদৰদেৱ গুৰুজনাৰ ৪২৪ সংখ্যক তিৰোভাব তিথি মহোৎসৱ

৭ দিন জোৰা কাৰ্যসূচীৰে বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱ গুৰুজনাৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পালন(Damodar dev tirovab tithi at patbaushi satra) ৷ গন্ধোৎসৱ উপলক্ষে পাটবাউসী সত্ৰৰ ৰাইজৰ লগতে দামোদৰদেৱ গুৰুজনাৰ শিষ্যসকলৰ গুৰুজনাৰ স্মৃতিত বন্তি প্ৰজ্বলন ৷

damodar-dev-tirovab-tithi-observe-at-barpeta-patbaushi-satra
বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন

By

Published : May 1, 2022, 2:11 PM IST

বৰপেটা, ১ মে : অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardev) গুৰুজনাৰ পৰম মিত্ৰ মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱ গুৰুজনাৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ শনিবাৰে বৰপেটাৰ পাটবাউসী সত্ৰত পালন কৰা হয়(424th Tirobhav Tithi Mahotshav of Sri Sri Damodardev) ৷ ৰাজ্যৰ সত্ৰ নামঘৰ আদিত সত্ৰীয়া ৰীতি পৰম্পৰাৰে পালন কৰা হয় দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ দামোদৰদেৱ গুৰুজনাই স্থাপন কৰা পাটবাউসী সত্ৰতো মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে (Damodar dev tirovab tithi at patbaushi satra)৷

বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন

৭ দিন জোৰা কাৰ্যসূচীৰে পালন কৰা গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰখনত পুৱাৰ পৰা মাজ নিশালৈকে ১৬ প্ৰসংগ অনুষ্ঠিত হৈ আহিছে ৷ শনিবাৰে পাটবাউসী সত্ৰত তিৰোভাৱ তিথিৰ গন্ধোৎসৱ পালন কৰা হয় । গন্ধোৎসৱ উপলক্ষে পাটবাউসী সত্ৰবাসী ৰাইজৰ লগতে দামোদৰদেৱ গুৰুজনাৰ শিষ্যসকলে গুৰুজনাৰ স্মৃতিত বন্তি প্ৰজ্বলনৰ কৰে ৷

বৰপেটাৰ পাটবাউসী সত্ৰ

ইফালে, পাটবাউসী সত্ৰৰ লগতে কাহিবাৰী, নসত্ৰ, ৰায়তপাৰা, কেওটকুছি আদি সত্ৰতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ তিৰোভাৱ তিথি উপলক্ষে নাম প্ৰসংগ আদি অনুষ্ঠিত হয় ৷

বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন

লগতে পঢ়ক :থিয় নামেৰে বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহুৰ

ABOUT THE AUTHOR

...view details