অসম

assam

By

Published : Aug 28, 2019, 1:15 PM IST

ETV Bharat / state

মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী গড়কাপ্তানি পথ

বানে ছিঙি নিয়া পথ আজিও নিৰ্মাণ নকৰিলে গড়কাপ্তানি বিভাগে ৷ যাতায়তৰ অনুপযোগী জনিয়া-হাউলি পথত নিতৌ সংঘটিত হৈ আছে পথ দুৰ্ঘটনা ৷

মৰণফান্দত পৰিণত হৈছে জনীয়া-হাউলী গড়কাপ্তানি পথ

বৰপেটা,28আগষ্টঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাইছে বৰপেটা জিলাৰ জনীয়া-হাউলী সংযোগী গড়কাপ্তানি পথে ৷ পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ হেজাৰ হেজাৰ ৰাইজে যাতায়াত কৰা অতি ব্যস্ততাপূৰ্ণ পথটো এইবাৰ হৈ যোৱা বানপানীয়ে কেইবা ঠাইটো খহাই পথটোৰ যথেষ্ট ক্ষতি সাধন কৰে ৷ কিন্তু তাৰ পাচতো বৰপেটা গড়কাপ্তানি বিভাগে পথটো মেৰামতি কৰাৰ কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই যাৰ বাবে নিতৌ এই পথটোত সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা ৷

কোনো ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আগতেই মৰণফান্দ যেন পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা গড়কাপ্তানি মন্ত্ৰীক আহ্বান জনাইছে ৰাইজে ৷

মৰণফান্দত পৰিণত হৈছে জনীয়া-হাউলী গড়কাপ্তানি পথ

ABOUT THE AUTHOR

...view details