বৰপেটা/নলবাৰী,1 জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তত সংক্ৰমণ অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ৷ তাৰমাজতে পূৰ্বৰ তুলনাত আক্ৰান্তৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে ৰাজ্যত ৷ এয়া নিসন্দেহে এক ভাল খবৰ ৷ শেহতীয়াকৈ সোমবাৰে বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হৈ এগৰাকী ৰোগীৰ মৃত্যু ঘটে ৷ এই সংখ্যাই জিলাখনত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি কৰে ৷ বৰপেটাত সোমবাৰৰ দিনটোত ১৫২ গৰাকী কৰ’ণা ৰোগী সুস্থ হৈ উঠিছে ৷ অৱশ্যে জিলাখনত সোমবাৰে নতুনকৈ ১০৬ গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷
বৰপেটাত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫,৭০০ গৰাকীলৈ বৃদ্ধি ৷ ইপিনে জিলাখনত ৩,৪৫৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ সোমবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২,১০৬ গৰাকী ৷ সোমবাৰৰ দিনটোত জিলাখনত ক’ভিড পৰীক্ষা কৰা ৫,৪৭০ গৰাকী লোকৰ ভিতৰত ১০৬ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷ সোমবাৰৰ দিনটোত জিলাখনত আক্ৰান্তৰ হাৰ আছিল 1.93 শতাংশ ৷
ইফালে কৰ’ণাৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত আক্ৰান্ত হৈছে প্ৰায় 5 সহস্ৰাধিক ব্যক্তি ৷ বৰ্তমানলৈকে জিলাখনত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 5,193 গৰাকী ৷ ইয়াৰে সোমবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 84 গৰাকী ৷ জিলাখনত বৰ্তমান আক্ৰান্ত হৈ আছে 1,401 গৰাকী লোক ৷ হোম আইচ’লেচনত আছে 1,167 গৰাকী ৷
জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 86 গৰাকী, বেলশৰ মডেল হাস্পতালত 23 গৰাকী আৰু মাখিবাহা মডেল হাস্পতালত আছে 19 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে খাতিকুছিস্থিত মহাত্মা গান্ধী মডেল হাস্পতালত 35 গৰাকী, সাৰথি হাস্পতালত 14 গৰাকী আৰু আদাবাৰী মডেল হাস্পতালত 19 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ তদুপৰি জিএমচিএইচ, এমএমচিএইচ আৰু কালাপাহাৰৰ ক’ভিড চিকিৎসালয়ত জিলাখনৰ 38 গৰাকী কৰ’ণা ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগে ৷ সোমবাৰৰ দিনটোত ক’ভিড মুক্ত হয় জিলাখনৰ 113 গৰাকী ব্যক্তি ৷
লগতে চাওকঃকঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ