জনীয়া, 7 এপ্ৰিল : সুদীৰ্ঘ ২৮ বছৰ পাচত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আচমা খাতুন নামৰ এগৰাকী মহিলাই । জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সালেকুৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে আচমা খাতুনে ।
সালেকুৰা গাঁৱৰ মাজম খানৰ পত্নী আচমা খাতুনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱাৰ পাচতে ডি ভোটাৰ হৈ পৰে । ফলত ২৮ টা বছৰেই ভোটদানৰ পৰা বঞ্চিত হৈ আছিল মহিলা গৰাকী ।