অসম

assam

By

Published : May 27, 2021, 9:54 PM IST

ETV Bharat / state

সতৰ্ক হওক: বৰপেটাত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ

অধিক সতৰ্ক হওক ফেচবুক ব্যৱহাৰকাৰীসকল ৷ কিয়নো চাইবাৰ অপৰাধীৰ টাৰ্গেট হ'ব পাৰে আপুনিও ৷ এইবাৰ প্ৰৱঞ্চনাৰে ধন আত্মসাতৰ নতুন জাল মেলিছে চাইবাৰ অপৰাধীয়ে ৷ বৰপেটাৰ আব্দুল কুদ্দুচ শিকদাৰ নামৰ এগৰাকী চিকিৎসকৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি চাইবাৰ অপৰাধীয়ে সৰকাই নিছে হাজাৰ হাজাৰ ধন ৷

cyber-criminal-gang-active-at-barpeta
সতৰ্ক হওকঃ বৰপেটাত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ

বৰপেটা,27 মে': ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহতাৰ মাজতে বৰপেটা জিলাত সক্ৰিয় হৈছে এটা চাইবাৰ অপৰাধী চক্ৰ ৷ বিভিন্ন চল-চাতুৰিৰে এই চক্ৰটোৱে বহুজনৰ পৰা সৰকাইছে হাজাৰ হাজাৰ ধন ৷ শেহতীয়াকৈ জিলাখনত পোহৰলৈ অহা এক ঘটনাই চিন্তাত পেলাইছে আৰক্ষী তথা সচেতন মহলক ৷ এই চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বৰপেটা আৰক্ষীয়ে ৷

সতৰ্ক হওক: বৰপেটাত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ

উল্লেখ্য যে,বৰপেটাৰ নগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এগৰাকী চিকিৎসকৰ ফটো, নাম-ঠিকনা আদি ব্যৱহাৰেৰে ফেচবুকত এটি ভুৱা একাউণ্ট খুলি বিভিন্নজনৰ পৰা ধন সৰকাই আহিছিল অপৰাধী চক্ৰটোৱে ৷ বন্ধু-বান্ধৱী সকলৰ পৰা এই সন্দৰ্ভত জ্ঞাত হোৱাৰ পাচতে আৰক্ষীৰ কাষ চাপিছে চিকিৎসকগৰাকী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰথমে ডাঃ আব্দুল কুদ্দুচ শিকদাৰ নামৰ চিকিৎসকজনৰ চিনাকি বিভিন্নজনলৈ উক্ত ভুৱা ফেচবুক একাউণ্টটোৰ পৰা পঠোৱা হয় ফ্ৰেণ্ড ৰিকুৱেষ্ট ৷ পৰৱৰ্তী সময়ত উক্ত ফেচবুক একাউণ্টটোৰ পৰা মেচেঞ্জাৰৰ জৰিয়তে চিকিৎসকজনৰ একাংশ বন্ধু-বান্ধৱীলৈ ধন বিচাৰি প্ৰেৰণ কৰা হয় একো একোটা মেছেজ ৷ জৰুৰী কাৰণত প্ৰয়োজন হোৱা বুলি কৈ গুগল পে' অথবা ফোন পে'ৰ জৰিয়তে ধন বিচাৰি বিভিন্নজনলৈ প্ৰেৰণ কৰা হয় মেছেজটো ৷ আনকি পুৱাৰ ভাগত বিচৰা ধন সন্ধিয়াৰ ভাগত পৰিশোধ কৰা হ'ব বুলিও মেছেজবোৰত প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় ৷ অনলাইন পেমেণ্ট ট্ৰাঞ্চফাৰৰ সুবিধাৰ বাবে মেছেজবোৰত একো একোটা ফোন নম্বৰো উল্লেখ কৰা হয় ৷ এনেধৰণৰ মেছেজ লাভৰ পাচত চিকিৎসকজনৰ একাংশ ফেচবুক বন্ধু-বান্ধৱীয়ে তেখেতে বিচৰা ধৰণে উল্লেখিত ফোন নম্বৰলৈ গুগল পেৰ জৰিয়তে ধন প্ৰেৰণ কৰে ৷

এনেদৰে প্ৰৱঞ্চনাৰ জাল মেলি বিভিন্ন জনৰ পৰা ধন সৰকাই নিছে অপৰাধী চক্ৰটোৱে ৷ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে চিকিৎসকজনে বৰপেটা সদৰ থানাত এক এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃযুৱতীক নিৰ্যাতনৰ ভাইৰেল ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details