অসম

assam

ETV Bharat / state

বৰপেটাত একাংশই উলংঘা কৰিছে সান্ধ্য আইন

বৰপেটাত সান্ধ্য আইন ভংগ একাংশৰ ৷ সান্ধ্য আইন ভংগকাৰীৰ বিৰূদ্ধে কঠোৰ হৈছে আৰক্ষী ৷

curfew broken in barpeta by a section of people
বৰপেটাত একাংশই উলংঘা কৰিছে সান্ধ্য আইন

By

Published : May 16, 2021, 10:32 PM IST

বৰপেটা, ১৬ মে : মহামাৰী কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নিৰ্দেশনা অনুসৰি দেওবাৰে দুপৰীয়াৰ পৰাই বৰপেটা চহৰৰ সকলোবোৰ দোকান-পোহাৰ বন্ধ হৈ পৰিছে ৷

বৰপেটা চহৰত সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ পৰিছে যদিও এতিয়াও একাংশ লোক কৰ’ণাকালৰ ভয়াৱহ পৰিস্থিতিক লৈ হৈ আছে উদাসীন ৷

লক্ষণীয় যে, বৰ্তমানেও বহু লোকে ৰাজ্য চৰকাৰৰ নিৰ্দেশক অবমাননা কৰি এতিয়াও চহৰখনৰ বিভিন্ন প্ৰান্তত মুকলিকৈ ঘূৰা পকা কৰি আছে ৷ তাৰোপৰি একাংশ ব্যৱসায়িক যান-বাহন অথবা ব্যক্তিগত বাহনৰ চলাচল কৰি আছে চহৰখনত ৷

চৰকাৰী নিৰ্দেশনা অমান্য কৰা সকলৰ বিৰুদ্ধে ক্ৰমাৎ কঠোৰ হৈছে বৰপেটা আৰক্ষী ৷ সান্ধ্য আইন ভংগকাৰী সকলক আৰক্ষীয়ে প্ৰহাৰ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ৷

অৱশ্যে, এতিয়া চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চল সমূহতো আৰক্ষী প্ৰশাসনক কঠোৰ হ’বলৈ দাবী জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়ক :পানী খাবলৈ পোতা দমকলত দাউ দাউকৈ জ্বলিছে জুই

ABOUT THE AUTHOR

...view details