বৰপেটা, 19 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ আৰু প্ৰয়োজনীয় চিকিৎসাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ৷ হাস্পতালখনত বিশেষ চেল স্থাপন কৰাৰ লগতে সুকীয়াকৈ আই.চি.ইউৰো ব্যৱস্থা কৰা হৈছে ৷ বৃহস্পতিবাৰে সৰভোগ ৰে'ল ষ্টেচনত ৰাজস্থানৰ পৰা ৰে'লযোগে অহা এজন যাত্ৰীৰ দেহত জ্বৰ,চৰ্দি ধৰা পেলোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা0 ববীজিৎ গোস্বামীয়ে জনোৱামতে, সমগ্ৰ বৰপেটা জিলাতে ইতিমধ্যে ৰেপিড' ৰেছপ'নচ টীম গঠন কৰাৰ লগতে সজাগতামূলক প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হৈছে ৷
কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ বৰপেটাত ১৪৪ ধাৰা জাৰি - বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা0 ববীজিৎ গোস্বামী
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নিৰ্মূলৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় চিকিৎসাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ হাস্পতাল কৰ্তৃপক্ষই হাস্পতালখনত বিশেষ চেল স্থাপন কৰাৰ লগতে সুকীয়াকৈ আই.চি.ইউৰো ব্যৱস্থা কৰিছে ৷ তাৰ লগতে কৰ'ণা ভাইৰাছৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বৰপেটাত অনিৰ্দিষ্ট কাললৈ 144 ধাৰা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ 20 মাৰ্চত হ'বলগীয়া বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ নিৰ্বাচনো স্থগিত ৰখা হৈছে ৷
ইফালে, কৰ'ণা ভাইৰাছৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বৰপেটাত অনিৰ্দিষ্ট কাললৈ 144 ধাৰা জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ মুলতঃ জনসমাগম ৰোধ কৰাৰ উদ্দেশ্যে বজাৰ এলেকা, বেংক, বিত্তীয়প্ৰতিষ্ঠান, উদ্যান আদিত 5 জন বা ততোধিক ব্যক্তিৰ অপ্ৰয়োজনীয় সমাগমত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে৷ আনহাতে একেটা নিৰ্দেশনাতে সভা-সমিতিৰ আয়োজন, সমদল, শোভাযাত্ৰা আদি উলিওৱাতো বাধা আৰোপ কৰা হৈছে ৷ একেটা নিৰ্দেশনাতে সভা-সমিতিৰ আয়োজন, সমদল, শোভাযাত্ৰা আদি উলিওৱাতো বাধা আৰোপ কৰা হৈছে ৷ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰভূ বশিষ্ঠ শৰ্মাই ৰাইজক অনুষ্টুপীয়াকৈ নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে ৷ 20 মাৰ্চত হ'বলগীয়া বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ নিৰ্বাচনো স্থগিত ৰাখে জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃকৰ'ণা আতংকঃ কি হ'ব বিটিচি নিৰ্বাচন?