অসম

assam

ETV Bharat / state

সৰভোগৰ এঠা দৈ অবিহনে আধৰুৱা হেঁপাহৰ ভোগালী - ভোগালী বিহু

ভোগালী বিহুৰ প্ৰস্তুতি সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলৰ ৷ স্থানীয় ৰে’ল সেৱা বন্ধ থকাৰ ফলত দুগ্ধ ব্যৱসায়ীসকল সন্মুখীন হৈছে সমস্যাৰ ৷ তাৰ মাজতো কিন্তু প্ৰস্তুতি চলিছে হেঁপাহৰ ভোগালীক আদৰাৰ ৷ সৰভোগৰ দুগ্ধ বিপণীত এতিয়া ভিৰ কৰিছে গ্ৰাহকে ৷

curd from sarabhog for Bhogali Bihu assam etv bharat news
সৰভোগৰ এঠা দৈ

By

Published : Jan 10, 2021, 2:13 PM IST

বৰপেটা,10 জানুৱাৰী: কৰ’ণাৰ বিভীষিকাৰ মাজতে পুনৰ আহিল হেঁপাহৰ ভোগালী ৷ ভোগালী বুলিলেই চৌদিশে ভোগৰ সমাহাৰ ৷ ভোগালী বিহু বুলি ক’লেই মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ লক ডাউনৰ বাবে দুগ্ধনগৰী খ্যাত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে প্ৰচুৰ লোকচানৰ সন্মুখীন হোৱাৰ পিচত এইবেলি ভোগালী বিহুৰ বাবে বহু আশাৰে দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷

ৰাজ্যৰ চৌদিশে ভোগালীৰ উথপথপ

মানস অভয়াৰণ্যৰ সমীপৰ ম’হৰ বাথানসমূহৰ পৰা অহা গাখীৰৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে মাটিৰ পাত্ৰৰ লগতে বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে ৷ কিয়নো বিহুলৈ বুলি মাজত মাথো আছে দুটা দিন ৷ লক ডাউন, কৰ’ণা মহামাৰীয়ে গ্ৰাস কৰা ব্যৱসায়ীসকল পুনৰাই সন্মুখীন হৈছে আন এক সমস্যাৰ ৷ বিশেষকৈ স্থানীয় চিফুং আৰু ব’হাগী যাত্ৰীবাহী ৰে’ল দুখনৰ চলাচল সুদীৰ্ঘ সময় বন্ধ হৈ থকাত ক্ষতিৰ সন্মুখীন হৈছে দুগ্ধ ব্যৱসায়ীসকল ৷

চুঙাত প্ৰস্তুত কৰা ম’হৰ গাখীৰৰ দৈ

ইপিনে সৰভোগৰ দৈ বিচাৰি ভোগালী বিহুৰ পূৰ্বে উজনি-নামনি বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ভীৰ কৰিছে দৈৰ বিপণীসমূহত ৷ বিহু বুলি অলপ-অচৰপ দৈ ঘৰলৈ নিয়াৰ বাবেই দৈৰ বিপণীসমূহত দেখা গৈছে গ্ৰাহকক ৷

লগতে চাওকঃমহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details