জনিয়া,26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে মঙলবাৰে বৰপেটাৰ জনীয়া-সালেকুৰা বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত জনিয়াতো উদযাপন কৰা হয় 72 সংখ্য়ক গণৰাজ্য দিৱস ৷ এই দিৱসৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে জনীয়া-সালেকুৰা বজাৰ পৰিচালনা সমিতিৰ উপদেষ্টা জাফৰ আলী আৰু সমাজ কৰ্মী হামেদ আলীয়ে ৷
জনিয়াত 100 ফুট দৈৰ্ঘৰ পতাকাৰে সাংস্কৃতিক শোভাযাত্ৰা - সাংস্কৃতিক শোভাযাত্ৰা
72 সংখ্য়ক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জনিয়াত 100 ফুট দৈৰ্ঘৰ পতাকাৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ লগতে বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে আয়োজক সমিতিয়ে ৷
জনিয়াত 100 ফুট দৈৰ্ঘৰ পতাকা
100 ফুট দৈৰ্ঘৰ পতাকাৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে শোভাযাত্ৰাৰ অন্তত আকৰ্ষণীয় লাঠিবাড়ী খেল অনুষ্ঠিত কৰা হয় । পুৱা 7 বজাত পতাকা উত্তোলন, বিভিন্ন ধৰণৰ খেল-ধেমালি, মুকলি কুইজ আৰু মুকলি সভাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :মুকালমুৱাত কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ