অসম

assam

By

Published : Apr 28, 2020, 10:45 PM IST

Updated : Apr 29, 2020, 7:33 AM IST

ETV Bharat / state

COVID-19 : ভাৰতীয় নিৰাপত্তা বাহিনীত প্ৰথমটো মৃত্যু !

COVID-19ৰ ফলত ভাৰতীয় নিৰাপত্তা বাহিনীত সংঘটিত প্ৰথমটো মৃত্যুৰ ঘটনা ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল চিআৰপিএফত কৰ্মৰত অসমৰ বৰপেটা জিলাৰ ইক্ৰাম হুছেইন । বাহিনীটোৰ ৩১ বেটালিয়নৰ এগৰাকী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল হুছেইন । মঙলবাৰে দিনৰ ভাগত মৃত্যুক সাৱতি লয় উপ-পৰিদৰ্শক ইক্ৰাম হুছেইনে ।

COVID-19
অসমৰ চিআৰপিএফ জোৱানৰ দিল্লীত মৃত্যু

নিউজ ডেস্ক, 28 এপ্ৰিল : মাৰাত্মক কৰ'ণা ভাইৰাছৰ ফলত দেশৰ নিৰাপত্তা বাহিনীত সংঘটিত হৈছে প্ৰথমটো মৃত্যুৰ ঘটনা । দেশৰ কেন্দ্ৰীয় অৰ্ধসামৰিক তথা সামৰিক বাহিনীৰ মাজত এয়া হৈছে প্ৰথমটো ঘটনা । মঙলবাৰে কোভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ এগৰাকী উপ-পৰিদৰ্শকে । যোৱা ২৪ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ অন্য ৮ গৰাকী জোৱানৰ সৈতে চিকিৎসাধীন হৈ আছিল বিষয়াগৰাকী ।

নিহত উপ-পৰিদৰ্শকগৰাকী হৈছে ইক্ৰাম হুছেইন । অসমৰ বৰপেটা জিলাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰবৰী গাঁৱৰ বাসিন্দা ইক্ৰাম হুছেইন বাহিনীটোৰ ৩১সংখ্যক বেটালিয়নত কৰ্মৰত আছিল । দৰাচলতে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ উপৰিও ডায়েবেটিছ আৰু ৰক্তচাপজনিত ৰোগতো ভূগি আছিল বিষয়াগৰাকী ।

চিআৰপিএফৰ মহাপৰিদৰ্শক আনন্দ প্ৰকাশ মহেশ্বৰীয়ে এই কথা প্ৰকাশ কৰিছে । আনহাতে বৰ্তমান সময়লৈ বাহিনীটোত প্ৰায় ৪৭গৰাকী জোৱান এই ভাইৰাছৰ কৱলত পৰিছে বুলি বাহিনীটোৰ মহাপৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে চিআৰপিএফৰ বিষয়া ইক্ৰাম হুছেইনৰ মৃত্যুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুখ প্ৰকাশ কৰিছে ৷

হুছেইনৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয়, "কৰ'ণাৰ বিৰুদ্ধে যুঁজত জোৱানজনে সাহসেৰে যুঁজ দিলে ৷ তেওঁৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছো ৷ অন্তিম সময়লৈকে তেওঁ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সাহসেৰে যুদ্ধ কৰিলে ৷ দেশৰ সেৱাত ব্ৰতী হোৱা এইজন বীৰলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলো ৷"

Last Updated : Apr 29, 2020, 7:33 AM IST

ABOUT THE AUTHOR

...view details