অসম

assam

ETV Bharat / state

কৰ’ণাৰ বাবে চিকিৎসাৰ অভাৱত ঘৰতে আৱদ্ধ মেধাৱী ছাত্ৰ ৰাজেশ - গুৱাহাটী চিকিৎসা মহাবিদ্যাল

কৰ’ণাৰ বাবে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিব পৰা নাই ভৱানীপুৰৰ মেধাৱী ছাত্ৰ ৰাজেশ কলিতাক ৷ বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত ক'ভিড প্ৰ’টকলৰ বাবে চৰকাৰী অনুমতি পোৱা নাই বুলি ৰাজেশৰ পিতৃয়ে জনায় ৷ উন্নত চিকিৎসাৰ অভাৱত ঘৰতে থকা ৰাজেশৰ পিতৃয়ে বিচাৰিছে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷

কৰ‘ণাৰ বাবে ঘৰতে আৱদ্ধ জটিল ৰোগত আক্ৰান্ত ভৱানীপুৰৰ মেধাৱী ছাত্ৰ
কৰ‘ণাৰ বাবে ঘৰতে আৱদ্ধ জটিল ৰোগত আক্ৰান্ত ভৱানীপুৰৰ মেধাৱী ছাত্ৰ

By

Published : May 1, 2021, 1:43 PM IST

বৰপেটা, 1 মে' : ভয়াৱহ ক'ভিড-১৯ ৰ বাবে এক জটিল ৰোগত আক্ৰান্ত যুৱক তথা মেধাৱী ছাত্ৰক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিব নোৱাৰা এক কৰুণ ঘটনা সংঘটিত হৈছে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱত । উল্লেখ্য যে, ভৱানীপুৰৰ বাংলীপাৰা গাঁৱৰ বাসিন্দা তথা অসম আৰক্ষী বিভাগৰ কৰ্মচাৰী ভৱানন্দ কলিতা আৰু কল্পনা কলিতাৰ জ্যেষ্ঠ পুত্ৰ, সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰাজেশক ক'ভিড প্ৰট'কলৰ বাবে চেন্নাইলৈ উন্নত মানৰ চিকিৎসাৰ বাবে নিব নোৱাৰাত নিজৰ ঘৰতেই শয্যাগত হৈ থাকিবলগীয়া ।

ৰোগাক্ৰান্ত ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত ক'ভিড প্ৰ’টকলৰ বাবে চৰকাৰী অনুমতি পোৱা নাই বুলি ৰাজেশৰ পিতৃয়ে শনিবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে, মেধাৱী ছাত্ৰ ৰাজেশ কলিতাৰ মগজুত টিউমাৰ হোৱাটো চিকিৎসা বিভাগৰ দ্বাৰা প্ৰমাণিত হোৱাত চলিত বৰ্ষৰ জানুৱাৰীত চেন্নাইৰ এপল’ হাস্পতালত ভৰ্তি কৰা হৈছিল। ইয়াৰ পিছতে জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ অন্তত যোৱা ১৯ মাৰ্চত নিজ গৃহলৈ কিছু সুস্থ হৈ উভতি আহিছিল ৰাজেশ ।

কৰ‘ণাৰ বাবে ঘৰতে আৱদ্ধ জটিল ৰোগত আক্ৰান্ত ভৱানীপুৰৰ মেধাৱী ছাত্ৰ

দুৰ্ভাগ্যৱশত ২৫ মাৰ্চৰ পৰা ৰাজেশ কলিতাৰ দেহত ডাঙৰ বসন্ত ৰোগে দেখা দিয়ে । পুনৰ অসুস্থ হৈ পৰাত ৰাজেশ কলিতাক যোৱা ৩০ মাৰ্চত গুৱাহাটীৰ আ‌য়ুৰচন্দ্ৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও যোৱা ৫ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় । ৰাজেশ কলিতাই সুস্থ হৈ নুঠাৰ লগতে ১৩ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই ৰিলিজ দিয়াত ১৩ এপ্ৰিলৰ পৰা বাংলীপাৰাৰ নিজ গৃহৰ বিছনাতেই অসুস্থ হৈ পৰি আছে ৰোগাক্ৰান্ত ৰাজেশ কলিতা ।

উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপল’ হাস্পতাললৈ বিমানযোগে নিয়াৰ ক্ষেত্ৰত ক'ভিড প্ৰ’টকলৰ বাবে বাধাৰ সন্মুখীন হৈছে । ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত অনুমতি বিচৰিছে যদিও অনুমতি পোৱা নাই বুলি জানিবলৈ দিছে ৰাজেশৰ পিতৃয়ে । ফলত দিশহাৰা হৈ পৰিছে ৰাজেশ কলিতাৰ পিতৃৰ লগতে পৰিয়ালবৰ্গই । ৰাজেশ কলিতাক উন্নত চিকিৎসাৰ বাবে বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ তথা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় সচেতন ৰাইজে ।

উল্লেখ্য যে, ৰাজেশ কলিতাৰ চিকিৎসাৰ ক্ষেত্ৰত পিতৃয়ে বহু পৰিমাণৰ ধন ব্যয় কৰি সৰ্বস্বান্ত হৈ পৰিছে । এই ক্ষেত্ৰত চৰকাৰীভাৱে আৰ্থিক সহায়ৰো অধিক প্ৰয়োজন হৈছে । কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাৰ ৰাজেশৰ পিতৃ ভবানন্দ কলিতাৰ ২০০০১৬৯১৯১৭ নম্বৰৰ একাউণ্টত আৰ্থিক ভাবে সহায় কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে ।

লগতে পঢ়ক :মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰাক লৈ প্ৰতিবেদন প্ৰকাশ

ABOUT THE AUTHOR

...view details