অসম

assam

ETV Bharat / state

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত - জনীয়া সমষ্টি

পশুধনৰ খাদ্যক লৈ সংকটত ভূগিছে জনীয়া সমষ্টিৰ বন্যাৰ্ত ৷ বানপানীৰ ফলত খেৰ পচি যোৱাত কলপাত আৰু বিভিন্ন গছৰ পাত খোৱাই জীয়াই ৰাখিছে পশুধনক ৷

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত

By

Published : Jul 21, 2019, 4:21 PM IST

জনীয়া, ২১ জুলাই : জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বানপানীৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও বৰ্তমানলৈকে আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে বন্যাৰ্ত সকলে ৷ ইয়াৰোপৰি, এই বানাক্ৰান্ত সকলে পশুধনক লৈ গভীৰ সংকটত পৰিছে ৷ এই লোকসকলৰ গৰু - ম'হৰ বাবে গোটাই ৰখা খেৰ পানীত উঠি যোৱাৰ লগতে বহুসংখ্যক খেৰ পচিও গৈছে ৷ সম্প্ৰতি কলপাত আৰু বিভিন্ন গছৰ পাত খোৱাই জীয়াই ৰখা হৈছে পশুধনক ।

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত

চৰকাৰৰ ফালৰ পৰা অলপ পৰিমাণে চাউল - দাইলৰ সাহাৰ্য লাভ কৰিছে যদিও পশুধনৰ বাবে পোৱা নাই প্ৰাপ্ত সাহাৰ্য । মানুহৰ পৰিৱৰ্তে পশুধনক জীয়াই ৰাখিবৰ বাবে পশু খাদ্য যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে পশুধনৰ গৰাকী সকলে ৷

ABOUT THE AUTHOR

...view details