অসম

assam

ETV Bharat / state

আৰক্ষীৰ পহৰাদাৰীৰ মাজতে বৰপেটা মেডিকেল কলেজৰ পৰা পলাল অপৰাধী - Criminal escapes from Police Guarding

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন অপৰাধীৰ (Criminal escapes from BMCH) ৷ গুলীবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি হেণ্ডকাফৰ ৰছী কাটি পলায়ন কৰে অপৰাধীয়ে ৷

criminal
আৰক্ষীৰ পহৰাদাৰীৰ মাজতে পলাল অপৰাধী

By

Published : Feb 19, 2022, 1:33 PM IST

বৰপেটা, ১৯ ফেব্ৰুৱাৰী:বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হোৱা এটা গাঞ্জা ব্যৱসায়ী ৷ শেহতীয়াকৈ হাস্পতালৰ পৰা পলায়ন কৰিছে ধৃত গাঞ্জা ব্যৱসায়ীটোৱে ৷ জানিব পৰা মতে, পলাতক গাঞ্জা ব্যৱসায়ীটো পশ্চিম ত্ৰিপুৰাৰ সুন্দৰটিলাৰ মেঘলিবন্দ পঞ্চগুড়ি গাঁৱৰ সুমন নমো (Criminal escapes from Police Guarding) ৷

হেণ্ডকাফৰ ৰচী কাটি পলায়ন

শুকুৰবাৰৰ নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা আৰক্ষীৰ চকুত ধুলি দি হেণ্ডকাফৰ ৰচী কাটি পলায়ন কৰে অপৰাধীটোৱে ৷ উল্লেখ্য যে, গুলীবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাত আছিল সুমন নমো ৷ জানিব পৰা মতে, কোকৰাঝাৰ আৰক্ষীৰ চাৰিজন জোৱানে পহৰা দি থকাৰ পিছতো গুলীবিদ্ধ অৱস্থাৰেই পলায়ন কৰে সুমন নমো নামৰ অপৰাধীটোৱে ৷

আৰক্ষীৰ পহৰাদাৰীৰ মাজতে বৰপেটা মেডিকেল কলেজৰ পৰা পলাল অপৰাধী

১৬ ফেব্ৰুৱাৰীৰ নিশা কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত হৈছিল ত্ৰিপুৰাৰ গাঞ্জা ব্যৱসায়ী সুমন নমো ৷ সেইদিনাৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল গাঞ্জা ব্যৱসায়ীটো (Criminal escapes from BMCH) ৷ বুধবাৰে, নিশা কোকৰাঝাৰ আৰক্ষীয়ে ৩৫০ কিলোগ্ৰাম গাঞ্জাসহ দুই গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ AS 01 DD 8635 নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই ট্ৰাকখনত লুকুৱাই অনা বৃহৎ পৰিমাণৰ গাঞ্জাসমূহ জব্দ কৰাৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে ট্ৰাক আৰোহী সুমন নমো আৰু ৰাহুল সৰকাৰ নামৰ গাঞ্জা সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিছিল ৷

সুমন নমোৱে ভাওৰাগুৰিত আন দুটা গাঞ্জাৰ পেকেট লুকুৱাই ৰখা বুলি স্বীকাৰোক্তি প্ৰদান কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে সুমন নমো নামৰ গাঞ্জা সৰবৰাহকাৰীটোক লগত লৈ ভাওৰাগুৰিত উপস্থিত হৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰাৰ পিছতে গাঞ্জা সৰবৰাহকাৰীটোৱে আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীলৈ গুলী চলাই পলায়ন কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে আৰু গাঞ্জা ব্যৱসায়ীটোৰ ভৰিত গুলী লাগে ৷ উল্লেখ্য যে, গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা বিহাৰলৈ লৈ যোৱা অৱস্থাতে কোকৰাঝাৰ আৰক্ষীয়ে গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিছিল সুমন নমোসহ আন এটা গাঞ্জা ব্যৱসায়ী ৷

লগতে পঢ়ক :সন্তানৰ প্ৰেমৰ সমৰ্থন কৰি প্ৰেম বিবাহ আয়োজন কৰি কেনেকৈ আইনৰ ৰোষত পৰিল পৰিয়াল ?

ABOUT THE AUTHOR

...view details