বৰপেটা,১৩ জুলাই :শেহতীয়া বানত বিস্তৰ ক্ষতি হৈছে অসমৰ (Flood in Assam)। প্ৰায় প্ৰতিখন জিলাৰে লক্ষাধিক লোক বানৰ কৱলত পৰিছে । শ শ গাঁও বানত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে । ঘৰ-মাটি হেৰুৱাই দিশহাৰা হ'বলগীয়া হৈছে বহু বানাক্ৰান্ত ।
কিন্তু আজিও এনে বহু বানাক্ৰান্তই নাপালে চৰকাৰী সাহায্য । বছৰি অসমত বানপানীয়ে কালৰূপ ধাৰণ কৰাৰ পাছতো আজিলৈ অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে চৰকাৰে । যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
এইবাৰ বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়ালৰ সহযোগত বৰপেটাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে চিপিআই (এম) দলে (CPIM protest at Barpeta demanding flood relief)। বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ এক বিশাল প্ৰতিবাদী সমদলৰো আয়োজন কৰে দলটোৱে । বান সাহায্য প্ৰদানৰ দাবীত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।