বৰপেটা, ২৬ নৱেম্বৰঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে দেশৰ শ্ৰমিক, কৃষক সংগঠনসমুহে আহ্বান জনাইছে দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহন কৰা জনবিৰোধী নীতি সমুহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷
শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট - citu protest
দেশত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷
শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট
দেশত সৃষ্টি হোৱা ভয়াৱহ মন্দাৱস্থাৰ পৰা দেশক উদ্ধাৰ কৰা আৰু শ্ৰমিক কৃষক বিৰোধী জনবিৰোধী আইন সমুহ প্ৰত্যাহাৰৰ দাবীত আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট কাৰ্যসূচী সফল কৰাৰ বাবে বৰপেটাত বন্ধৰ সমৰ্থনত ওলাই আহিছে শ্ৰমিক কৃষক সংগঠনৰ প্ৰতিনিধিসমূহ ৷ বৰপেটাৰ চহৰত আজি এইদৰে শ্ৰমিক, ধৰ্মঘট সফল কৰাৰ বাবে কৃষক সংগঠনৰ কৰ্মীসকলে ৰূপায়ন কৰে ধৰ্ণা কাৰ্যসূচী ৷
লগতে পঢ়ক:নিউজিলেণ্ড সংসদত ভাৰতীয় মূলৰ সাংসদৰ সংস্কৃতত শপত গ্ৰহণ