অসম

assam

ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰা গাড়ীলৈ CPIM ৰ অভিনৱ প্ৰতিবাদ - গণতান্ত্ৰিক মহিলা সমিতি,

পে'ট্ৰল-ডিজেল (Petrol-Deiseal) ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ (Protest) ৷ ৰাজপথত ঘোঁৰা গাড়ীলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

CPIM Protest Rally At Kalgasia, Barpeta District
মূল্য বৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰা গাড়ীলৈ CPIMৰ অভিনৱ প্ৰতিবাদ

By

Published : Aug 9, 2021, 8:31 PM IST

জনীয়া, 9 আগষ্ট : ৰাজ্যজুৰি পে'ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ সমান্তৰালকৈ বৰপেটা জিলা (Barpeta District)ৰ কলগাছিয়াতো ঘোঁৰা গাড়ীৰ ওপৰত মটৰ চাইকেল উঠাই চি.পি.আই.এম (CPIM) দলে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’ল-ডিজেলকে আদি কৰি বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক ৷

পেট্ৰ'ল জাতীয় সামগ্ৰীৰ আকাশ লংঘী মূল্য বৃদ্ধি ৰোধ কৰা, তিনিটাকৈ কৃষক বিৰোধী আইন আৰু শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰা ইত্যাদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ পাঁচটাকৈ বাম সংগঠনে সোমবাৰে দেশজুৰি গণ আন্দোলনৰ আহ্বান দিছিল । এই আহ্বান মৰ্মে সোমবাৰে কলগাছিয়াতো এচ.এফ.আই, ডি.ৱাই.এফ.আই, গণতান্ত্ৰিক মহিলা সমিতি, নিখিল ভাৰত কৃষক সভা আৰু ছি.আই.টি.ইউৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদী ৰেলী উলিওৱা হয় ।

মূল্য বৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰা গাড়ীলৈ CPIMৰ অভিনৱ প্ৰতিবাদ

লগতে পঢ়ক -এটা গৰুৱে কি অথন্তৰ ঘটালে...

সম্প্ৰতি পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে দেশৰ আৰ্থিক উন্নয়ন মন্থৰ কৰিছে ৷ যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ ৷ কিন্তু ইয়াৰ পাছতো মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

বিজেপি গ' বেক, বিজেপি চৰকাৰ হায় হায় ইত্যাদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা অহা অক্টোবৰ মাহৰ ২৫ তাৰিখে দেশব্যাপী গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আন্দোলনকাৰী নেতৃত্বই ।

লগতে পঢ়ক -অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details