জনীয়া, 7 অক্টোবৰ:বুধবাৰে ভিন্ন দাবী উত্থাপনেৰে জনীয়াত চিপিআইএম দলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জনীয়াৰ হালধীয়া গাঁও পঞ্চায়তলৈ আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালক অতি শীঘ্ৰে মাহিলি ৭৫০০ টকাকৈ আগন্তুক ৬ মাহলৈ প্ৰদান কৰা,EIA 2020 বাতিল কৰাকে ধৰি,প্ৰচলিত শ্ৰমিক আইন বাতিল, ৰাজহুৱা স্বাস্থ্য খণ্ডত কেন্দ্ৰীয় ব্যয় অতি কমেও জিডিপিৰ ৩ শতাংশলৈ বৃদ্ধি কৰা,কা বাতিল আদি ভিন্ন দাবীৰে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷
জনীয়াৰ ভিন্ন দাবীৰে চিপিআইএমৰ প্ৰতিবাদ - protest
বুধবাৰে EIA 2020 বাতিল কৰাকে ধৰি,প্ৰচলিত শ্ৰমিক আইন বাতিল,ৰাজহুৱা স্বাস্থ্য খণ্ডত কেন্দ্ৰীয় ব্যয় অতি কমেও জিডিপিৰ ৩ শতাংশলৈ বৃদ্ধি কৰা আদি বিষয়ক ভিন্ন দাবীৰে জনীয়াত চিপিআইএমে প্ৰতিবাদ সাব্যস্ত কৰে ৷
চিপিআইএমৰ প্ৰতিবাদ
চিপিআইএমৰ যূগুবাৰী শাখা কমিটিৰ সম্পাদক মইনুল হক আৰু হালধীয়া শাখা কমিটিৰ সম্পাদক ইকবাল হুছেইনে হালধীয়া গাঁও পঞ্চায়তৰ সভাপতিৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷