অসম

assam

ETV Bharat / state

সতীৰ্থসহ অখিল গগৈৰ মুক্তিৰ দাবীত সৰভোগত চি পি আই এমৰ প্ৰতিবাদ - কা বিৰোধী কাৰাবন্দী

নেৰানেপেৰা বৰষুণকো নেওচি চি পি আই এমৰ সৰভোগ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবাদ ৷ অখিল গগৈ, মানস কোঁৱৰ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ সহ সকলো 'কা' বিৰোধী কাৰাবন্দীক সুচিকিৎসা প্ৰদান আৰু বিনাচৰ্তে মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ ৷

cpim protest
cpim protest

By

Published : Jul 11, 2020, 5:19 AM IST

বৰপেটাৰোড, 10 জুলাই : অখিল গগৈ সহ CAA বিৰোধী সকলো নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত শুকুৰবাৰে সৰভোগত চি পি আই এমে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নেৰানেপেৰা বৰষুণকো নেওচি চি পি আই এমৰ সৰভোগ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী সভা ৷ অখিল গগৈ, মানস কোঁৱৰ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ সহ সকলো 'কা' বিৰোধী কাৰাবন্দীক সুচিকিৎসা প্ৰদান কৰা আৰু বিনাচৰ্তে মুক্তিৰ দাবী তোলে ৷

হাতে হাতে প্লে' কাৰ্ডলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্ত বন্ধ কৰক, Covid-19ক লৈ হিমন্তৰ ৰাজনীতি বন্ধ কৰক 'কা' আমি নামানো চি পি আই এম জিন্দাবাদ আদি শ্ল'গান দি উত্তাল কৰি তোলে পৰিৱেশ ৷ চি পি আই এম নেতা মনোৰঞ্জন তালুকদাৰে কয় যে, 'কা' বিৰোধী নেতা অখিল গগৈ, মানস কোঁৱৰ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰসহ সকলো নেতাক সৰ্বানন্দ সোণোৱাল চৰকাৰে সন্ত্ৰাসবাদী আৰু দেশদ্ৰোহী সজাই তেওঁলোকক জেলত সুমুৱাই ৰাখিছে ৷

সৰভোগত চি পি আই এমৰ প্ৰতিবাদ

মহামান্য আদালতে জামিন মঞ্জুৰ কৰাৰ পাচত সৰ্বানন্দ-হিমন্তই এটাৰ পাচত এটাকৈ ভুৱা গোচৰ জাপি দি জেলত আৱদ্ধ কৰি ৰাখিছে তেওঁলোকক ৷ কেন্দ্ৰীয় চৰকাৰেও জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক জেলত সুমুৱাই ৰাখিছে 'কা'ৰ বিৰোধিতা কৰাৰ বাবে ৷ বিজেপি চৰকাৰৰ এনে কাণ্ডক ৰাজ্যখনৰ গণতন্ত্ৰ প্ৰেমী মানুহে তবধ মানিছে ৷

ইতিমধ্যে কাৰাগাৰত বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ কভিড-১৯ত আক্ৰান্ত হৈছে ৷ অখিল গগৈ কভিড-১৯ত আক্ৰান্ত হৈছে নে নাই তাৰ প্ৰতিবেদনলৈও যথেষ্ট সন্দেহ হোৱা বুলিও চিপিআইএম নেতা গৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ কৰ’ণাৰ বিভিন্ন লক্ষণ থকাৰ পাচতো অখিল গগৈক এইখন নিৰ্দয় আৰু ফেচিষ্ট চৰকাৰে মুকলি কৰি দিয়া নাই বুলিও চিপিআইএম নেতা মনোৰঞ্জন তালুকদাৰে বিজেপি চৰকাৰক ধিক্কাৰ দিয়ে ৷

লগতে পঢ়ক :অভিনেত্ৰী প্ৰীতি কংগনাক হত্যাৰ ভাবুকি দুই যুৱকৰ

ABOUT THE AUTHOR

...view details