অসম

assam

ETV Bharat / state

জনীয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী - Jania

তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮নং খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে চিপিআই এম দলৰ প্ৰতিবাদ । অতি শীঘ্ৰে উক্ত বিষয়টো তদন্ত কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে।

জনীয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী
জনীয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Sep 30, 2020, 7:55 PM IST

জনীয়া, 30 ছেপ্তেম্বৰ:বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত চি পি আই এম দলৰ সদস্য সকলে তাপেশ্বৰা লাকী বজাৰৰ পৰা পদযাত্ৰা কৰি তাপেশ্বৰা গাঁও পঞ্চায়তট তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জনীয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী

উল্লেখযোগ্য যে,তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ বাবে জিঅ টেক নকৰাৰ ফলতেই পঞ্চায়তটোৰ বহু দৰিদ্ৰ মানুহ ঘৰৰ তালিকাৰ পৰা বাদ পৰিছে বুলি অভিযোগ কৰে। লগতে উক্ত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰ পোৱাৰ নামত ধন দিলেহে দৰিদ্ৰ লোকসকলে ঘৰ লাভ কৰে বুলি অভিযোগ কৰে ।

উক্ত ঘটনাক কেন্দ্ৰ কৰি চি পি আই এম দলৰ সদস্য সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে,বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শতাধিক পুৰুষ-মহিলাই এমজিএনৰেগাৰ কাম বিচাৰি পঞ্চায়তৰ সচিবৰ ওচৰত এখন আবেদন পত্ৰ দাখিল কৰে। লগতে বিক্ষোভকাৰী সকলে তাপেশ্বৰা গাঁও পঞ্চায়তৰ সচিবৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আঠ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ইফালে উক্ত পঞ্চায়তটোত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details