বৰপেটা, ১০ জুলাই :কৃষক নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, দেবাংগনা কলিতাসহ কাʼ বিৰোধী আন্দোলনৰ ৰাজনৈতিক বন্দী সকলক শীঘ্ৰে মুক্তিৰ দাবীত শুকুৰবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটাৰ বাঘবৰতো ধ্বনিত হ'ল প্ৰতিবাদ ৷
প্ৰতিবাদকাৰী সকলে বৰপেটাৰ বাঘবৰৰ মন্দিয়াত চি পি আই (এম)ৰ বৰপেটা স্থানীয় কমিটীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি অখিল গগৈৰ চৰ্তহীন মুক্তিৰ দাবী তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰে । প্ৰতিবাদস্থলীৰ পৰাই কৃষক নেতা অখিল গগৈৰ লগতে অন্যান্য কৃষক নেতাৰ স্বাস্থ্যৰ উপযুক্ত চিকিৎসা দাবী জনায় প্ৰতিবাদকাৰী সকলে।