অসম

assam

Protest in Kalgachia:কলগাছিয়াত চি পি আই এমৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Jun 14, 2023, 6:30 PM IST

Updated : Jun 14, 2023, 6:48 PM IST

কলগাছিয়াত চি পি আই এম লোকেল কমিটীৰ উদ্যোগত ১২ দফীয়া দাবীৰ ভিত্তিত বিক্ষোভ কাৰ্যসূচী । জনসাধাৰণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত চি পি আই এমৰ ৰাজ্যজোৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ।

Public Relations Campaign of CPIM
কলগাছিয়াত চি পি আই এমৰ বিক্ষোভ

কলগাছিয়াত চি পি আই এমৰ বিক্ষোভ

জনীয়া, ১৪ জুন:বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বুধবাৰে চি পি আই (এম) কলগাছিয়া লোকেল কমিটীৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ১২ দফীয়া দাবীৰ ভিত্তিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই এমে । জনসাধাৰণৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত চি পি আই এমৰ ৰাজ্যজোৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে আজি এইদৰে প্ৰতিবাদ জনোৱা হয় ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰৰ জনবিৰোধী নীতি আৰু চৰম ব্যৰ্থতাৰ বাবে ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোক চৰম দুৰ্দশাৰ কৱলত পৰিছে । সাম্প্ৰতিক সময়ত জনসাধাৰণক ভয়াৱহ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে । ইয়াৰ বিপৰীতে চৰকাৰে বৃহৎ ব্যৱসায়ী সকলক অবাধে লুণ্ঠন কৰাৰ সুযোগ প্ৰদান কৰিছে । সম্প্ৰতি আদানী কেলেংকাৰীয়ে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰিলেও চৰকাৰে দুৰ্নীতিৰ অভিযোগৰ তদন্ত পর্যন্ত কৰিবলৈ অস্বীকাৰ কৰিছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয়। লগতে অসমৰ অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ প্ৰদেশিকীকৰণ কৰা নহয় বুলি চৰকাৰে কৰা ঘোষণা কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি তেওঁলোকে কয় ।

প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰৰ এনে কাণ্ডই দেশৰ লগতে ৰাজ্যখনত কৰ্মসংস্থাপনহীনতাই জটিল ৰূপ ধাৰণ কৰিছে । চৰকাৰে ঢাক ঢোল বজাই নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচীৰে সমস্যাটো গাপ দিব বিচাৰিলেও কৰ্মক্ষেত্ৰত ২২ লাখ পঞ্জীয়নভুক্ত নিবনুৱাৰ ১ লাখ নিযুক্তি এতিয়ালৈকে নিযুক্তি দিব পৰা নাই । লগতে ৰাজ্য়খনৰ অংগণৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধনকৰ্মী, আশাৰ দৰে দুই লাখ সত্তৰ হাজাৰ আঁচনিভুক্ত কৰ্মচাৰী বা নিৰ্মাণ শ্ৰমিকৰ দৰে অসংগঠিত খণ্ডৰ শ্ৰমিক-কৰ্মচাৰী সকল বাবে উপযুক্ত মজুৰি বৃদ্ধি কৰাৰ দাবী আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই ।

ইপিনে,বেকী নদীৰ গৰাখহনীয়াৰ স্থায়ী সমাধান আৰু খহনীয়াগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়া আৰু কেইবাটাও দাবীৰ ভিত্তিত চি পি আই এম কলগাছিয়া লোকেল কমিটীয়ে ১২ দফীয়া ষ্মাৰকপত্ৰ কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈপ্ৰেৰণ কৰে । এই প্ৰতিবাদত শতাধিক পুৰুষ -মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:AJYCP protest in Tinsukia:ইংৰাজীত পাঠদান বাতিলৰ দাবীত AJYCP ৰ ধৰ্মঘট

Last Updated : Jun 14, 2023, 6:48 PM IST

ABOUT THE AUTHOR

...view details