জনীয়া, 29 জুন :মঙলবাৰেকলগাছিয়াত ন দফীয়া দাবীৰে CPI(M)ৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ(CPIM memorandum sent to CM with various demands) ।
ইন্ধন জাতীয় সামগ্ৰীকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰী যেনে পেট্ৰল, ডিজেল ৰন্ধন গেছ আদিৰ সঘনাই হোৱা মূল্যবৃদ্ধি(Price Hike) ৰোধ কৰা, মাটি জৰীপ কৰি দখলকৃত কৃষকক পট্টা প্ৰদান কৰা, চৰকাৰী আৰু ৰাজহৱা খণ্ডত সকলো খালী পদত নিয়োগ প্ৰদান কৰা, পঞ্চায়ত ভিত্তিত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, পূৰ্বৰ পেঞ্চন আঁচনি বাহাল ৰখা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা ধাৰ্য কৰা, বানপীড়িত সকলক যথাযথ সাহাৰ্য প্ৰদান কৰা আৰু পকী ঘৰ নথকা প্ৰতিটো পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা আদি দাবীৰ ভিত্তিত CPIMৰ ৰাজ্যিক কমিটিয়ে পাঁচ লাখ চহী সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীলৈ আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।