বৰপেটাৰোড,28 ফেব্ৰুৱাৰী: চিপিআইএম নেতা আবু তালেব আহমেদৰ সভাপতিত্বত বৰপেটাৰোডৰ ষ্টেডিয়ামত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় চিপিআইএমৰ বিশাল গণ সভা ৷ সৰভোগৰ প্ৰাক্তন বিধায়ক হেমেন দাসে বিজেপিক কঠোৰ ভাৱে সমালোচনা কৰি কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে চাৰি পইচাৰ সম্পদ উৎপন্ন কৰিব নাই, সেইজনে আকৌ দেশ কেনেকৈ চলাইছে ? ইতিমধ্যে কংগ্ৰেছে গঢ়ি যোৱা ৰাজহুৱা খণ্ডৰ ২৩টা সম্পদ বিক্ৰী কৰিছে বিজেপিয়ে ৷ আগন্তুক দিনত দেশৰ সম্পত্তি বিক্ৰী কৰাৰ বাবেহে যেন উঠি পৰি লাগিছে বিজেপিয়ে ৷
তাৰোপৰি বিজেপিয়ে হিন্দু মুছলমানৰ মাজত বিবেদ সৃষ্টি কৰি ৰাইজক লুণ্ঠন কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে আম্বানি আদানীৰ স্বাৰ্থত কাম কৰি থকাৰ কথাও কয় বৰ্ষীয়ান নেতা গৰাকীয়ে ৷ কেন্দ্ৰীয় সমিতিৰ সদস্য সুপ্ৰকাশ তালুকদাৰে ভাষণ প্ৰসংগত কয়, বিজেপিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোককে বিশ্বাস ঘাতকতা কৰিছে ৷ বিজেপি চৰকাৰখন বিশ্বাস ঘাতকতাৰ চৰকাৰ ৷