জনীয়া, 19 অক্টোবৰ:নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণ । দাম নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ নাই কোনো পদক্ষেপ । কুম্ভকর্ণৰ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ । অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে (Price hike in Assam) সৰ্বসাধাৰণ ৰাইজক দিশহাৰা কৰি তোলাৰ সময়তে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি হৈছে ।
কাহ-জ্বৰ, ৰক্তচাপ, মধুমেহকে ধৰি প্ৰায় প্ৰতিবিধ ৰোগৰ ঔষধৰ দাম ১৫ ৰ পৰা ২০ শতাংশলৈ বৃদ্ধিয়ে সম্প্ৰতি সকলোকে চিন্তিত কৰি তুলিছে (Price hikes of medicines)। নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে জি এছ টিৰ পৰিমাণ বৃদ্ধিৰ লগতে ইন্ধনৰ মুল্যবৃদ্ধিৰ (Fuel price hike) ফলত এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই ৷
কেৱল সেয়াই নহয় অসমীয়াৰ বাপতি সাহোন বিহুৰ সময়ত গ্ৰহণ কৰা বিশেষ খাদ্য মুড়ি, চিৰা আদিটো এতিয়া লগোৱা হৈছে GST । যাৰ ফলত সাধাৰণ মানুহৰ লগতে বিভিন্ন দলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সেয়ে চৰকাৰৰ এই কাৰ্যত ক্ষোভিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ শেহতীয়াকৈ বুধবাৰে চি পি আই এম কলগাছিয়া লোকেল কমিটিটোৱে পাঁচ দফীয়া দাবীৰ ভিত্তিত কলগাছিয়াত মূল্যবৃদ্ধিৰ লগতে আন আন দাবী লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against price hike at Jania ) ৷