বৰপেটা, ১১ ছেপ্টেম্বৰ :দেওবাৰে বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত আয়োজন কৰা হয় CPI (M)ৰ উদ্যোগত ৰাজ্যিক চৰ-চাপৰি গণ অভিৱৰ্তন অনুষ্ঠান (CPI M gan abhibartana held at mandia) ৷ ৰাজ্যখনৰ চৰ-চাপৰি অঞ্চলত বসবাস কৰি অহা মূলতঃ সংখ্যালঘু নাগৰিকসকলৰ মৌলিক সমস্যাসমূহক লৈ বৰপেটাৰ মন্দিয়াত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷
CPI (M) ৰ দুই বৰ্ষীয়ান নেতা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আৰু প্ৰাক্তন বিধায়ক হেমেন দাসৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানৰ আৰু দলটোৰ বহু কেইগৰাকী নেতা-কৰ্মীৰ উপস্থিতিত দিনজোৰা কাৰ্যসূচীৰে উক্ত আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷
এই আলোচনাকালতে অভিৱৰ্তনত CPI (M) ৰ নেতৃত্বই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ বিশেষকৈ চৰ-চাপৰিৰ মাটি জৰীপৰ বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ৷ লগতে উক্ত আলোচনা চক্ৰৰ পৰাই অসম চৰকাৰক চৰ-চাপৰিৰ মাটিৰ পট্টা প্ৰদানৰ দাবী জনাই CPI (M)ৰ সদস্যই ।