অসম

assam

By

Published : May 30, 2021, 3:45 PM IST

ETV Bharat / state

কলগাছিয়া আৰক্ষীৰ জালত গৰু চোৰ

কলগাছিয়া আৰক্ষীৰ জালত গৰু চোৰ । কলগাছিয়া আৰু বৰভিটা আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ গৰু চোৰ ।

cow thief arrested
কলগাছিয়া আৰক্ষীৰ জালত গৰু চোৰ

জনীয়া,৩০ মে': কলগাছিয়া আৰক্ষীৰ জালত পৰিল দীৰ্ঘ দিনৰ পৰা চুবুৰীয়া ৰাজ্যলৈ গৰু ৰপ্তানি কৰাৰ অভিযোগত অভিযুক্ত এটা গৰু চোৰ । কলগাছিয়া আৰু বৰভিটা আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই গৰু চোৰটো গ্ৰেপ্তাৰ কৰে । কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱানন্দ দাস আৰু বৰভিটা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীন্দৰ শইকীয়াৰ যুটীয়া অভিযানত নিশা হাতছাৰা গাঁৱৰ নিজ গৃহৰ পৰা আশ্ৰাফুল ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ।

অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰিয়া মইনবৰী অঞ্চলত দীৰ্ঘ দিনৰ পৰা গৰুৰ এই চোৰাং বেহা চলি আছিল আৰু অভিযুক্ত চোৰ আশ্ৰাফুলে অসমৰ পৰা চোৰাংভাৱে চুবুৰীয়া ৰাজ্যলৈ গৰু ৰপ্তানি কৰি অহাৰ অভিযোগো উত্থাপিত হৈ আছিল ৷ সম্প্ৰতি ধৃত আশ্ৰাফুলক আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়

ABOUT THE AUTHOR

...view details