অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ নেতা - কংগ্ৰেছ নেতা মোজাম্মিল হ'ক

মঙলবাৰে বৰপেটা আৰক্ষী (Barpeta Police)য়ে মোজাম্মিল হ'কক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচাৰে ৷ ইপিনে গো-মাফিয়া (Cow Mafiya)টোৰ বিৰুদ্ধে কেবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে বৰপেটা আৰক্ষী (Barpeta Police)য়ে ৷

cow mafiya mozammil haque arrested
আৰক্ষীৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ নেতা

By

Published : Jun 22, 2021, 9:03 PM IST

বৰপেটা ২২ জুন:অৱশেষত বৰপেটা আৰক্ষী (Barpeta Police)ৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ (Congress Leader)নেতা মোজাম্মিল হ'ক (Mozammil Haque) ৷ হাউলীৰ গো-মাফিয়া খাইৰুল ইছলামৰ গ্ৰেপ্তাৰৰ পিচৰে পৰাই মোজাম্মিল হকক বিচাৰি বৰপেটা আৰক্ষী (Barpeta Police)য়ে অভিযান অব্যাহত ৰাখিছিল ৷ দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা পাছত গো-মাফিয়া মোজাম্মিল হ'কে (Cow Mafiya Mozammil Haque) অৱশেষত বৰপেটা আৰক্ষী (Barpeta Police)ৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

আৰক্ষীৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ নেতা

ইপিনে খাইৰুল ইছলামক গ্ৰেপ্তাৰৰ দৰেই মোজাম্মিল হক (Mozammil Haque)ৰ আটকৰ ক্ষেত্ৰতো আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই বৰপেটা আৰক্ষী (Barpeta Police)য়ে ৷ জানিব পৰা মতে, সোমবাৰে বিয়লি বৰপেটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰা গো-মাফিয়া (Cow Mafiya)জনক আটক কৰে আৰক্ষীয়ে ৷ বৰপেটা (Barpeta)ৰ হাউলীৰ গো মাফিয়া খাইৰুল ইছলামৰ লগতে বৰপেটা ৰোড চহৰৰ মোজাম্মিল হ'কে ৰাজ্যখনৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ চক্ৰৰ নেতৃত্ব দি আহিছিল ৷

লগতে পঢ়ক :NIA ৰ বিশেষ আদালতত অখিল গগৈ

এগৰাকী কংগ্ৰেছ নেতা (Congress Leader)হিচাপে পৰিচিত মোজাম্মিল হ'কৰ ঘৰ বৰপেটা ৰোড চহৰত ৷ কিছুদিন পূৰ্বে বৰপেটা ৰোড আৰক্ষী (Barpeta Police)য়ে মোজাম্মিল হ'ক (Mozammil Haque)ৰ এখন ধাবাত অভিযান চলাই কেবাখনো বিলাসী বাহন জব্দ কৰিছিল যদিও গো-মাফিয়া (Cow Mafiya)জনৰ সন্ধান পোৱা নাছিল ৷

মঙলবাৰে বৰপেটা আৰক্ষী (Barpeta Police)য়ে মোজাম্মিল হ'কক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচাৰে ৷ ইপিনে গো-মাফিয়া (Cow Mafiya)জনৰ বিৰুদ্ধে কেবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে বৰপেটা আৰক্ষী (Barpeta Police)য়ে ৷

লগতে পঢ়ক :একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ

ABOUT THE AUTHOR

...view details