বৰপেটা, ৭ মে': সমগ্ৰ দেশৰ লগতে বৰপেটাতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া ৷ বৰপেটা চহৰৰ ক্লাৱ ৰাইনোৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগে প্ৰতিষেধক প্ৰদান কৰে ৷ ইপিনে বৰপেটা জিলাত কৰ'ণা আক্ৰান্তৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে ৷ জিলাখনত বিগত ২৪ ঘন্টাত ১৩৮ জন পজিটিভ চিনাক্ত হৈছে আৰু জিলাখনৰ ১৭১৬ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ জিলাখনত এই পৰ্যন্ত ২১ জন লোকে কৰ'ণাত প্ৰাণ হেৰুৱাইছে ।
কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ বৰপেটাৰ ভাৰপ্ৰাপ্ত জিলা উপায়ুক্তই এক নিৰ্দেশানাযোগে জিলাখনৰ বিভিন্ন প্ৰান্তত ৫০০ খন বিচনাযুক্ত ১১ টা ক'ভিড কেয়াৰ চেন্টাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে ৷ তাৰোপৰি জিলা প্ৰশাসনে সকলোবোৰ কোচিং চেন্টাৰ, হোষ্টেল সম্পূৰ্ণৰূপে বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰিছে ৷