বৰপেটা, ২৯ এপ্ৰিল : বৰপেটা সত্ৰত বৃহস্পতিবাৰে ভকত আৰু আই সকলক ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰে বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষই ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ অনুৰোধমৰ্মে বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ তৎপৰতাত বৰপেটা সত্ৰৰ আই-ভকতসকলক ক'ভিড ভেকচিন প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে, সত্ৰৰ ৮৮ গৰাকী ভকত আৰু আই মাতৃক ক'ভিড ভেকচিন প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷ একেদৰে শুকুৰবাৰেও সত্ৰৰ ভকত আৰু আই সকলক ক'ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷
বৰপেটা সত্ৰত ক’ভিডৰ প্ৰতিষেধক প্ৰদান - বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ প্ৰশংসনীয় পদক্ষেপ ৷ বৰপেটা সত্ৰত ভকত আৰু আই সকলক ক'ভিড ভেকচিন প্ৰদান ৷
বৰপেটা সত্ৰত ক’ভিড ভেকচিন প্ৰদান
ইপিনে ৰাজ্যখনত মহামাৰী ক’ৰণাৰ ভয়াৱহ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ ৰাজ্যবাসীক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ একেদৰে ক'ভিড প্ৰ'ট'কল মানি ইতিমধ্যে বৰপেটা সত্ৰ চৌহদত প্ৰৱেশৰ ক্ষেত্ৰত ভকত বৈষ্ণৱসকলক মাস্ক পৰিধান কৰটো বাধ্যতামূলক কৰা হৈছে বুলি বুঢ়াসত্ৰীয়া গৰাকীয়ে প্ৰকাশ কৰে ৷ আনহাতে বুঢ়াসত্ৰীয়া গৰাকীয়ে বিশ্ববাসীৰ মংগল কামনা কৰে ৷
লগতে পঢ়কঃ ডিজিপি কাৰ্যালয়ৰ সমীপৰ এটিএমত লুটপাত দুৰ্বৃত্তৰ