অসম

assam

ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালত হেৰাল ৰোগীৰ ক'ভিড পৰীক্ষাৰ নমুনা - দায়িত্ব সম্পৰ্কে সজাগ

ক'ভিড পৰীক্ষাৰ ছেম্পল হেৰাল বৰপেটা মেডিকেল কলেজ হাস্পতালত ৷ মেডিকেল কলেজৰ অধ্যক্ষক অভিযোগ ৰোগীৰ অভিভাৱকৰ ৷ অধ্যক্ষৰ নিৰ্দেশমৰ্মে তৎকালীনভাৱে ৰোগীজনৰ পুনৰ সম্পন্ন কৰা হয় ক'ভিড পৰীক্ষা ৷

covid-testing-sample-loss-in-barpeta-medical-college-hospital
ক'ভিড পৰীক্ষাৰ ছেম্পল হেৰাল বৰপেটা মেডিকেল কলেজ হাস্পতালত : ৰোগীৰ হাৰাশাস্তি

By

Published : May 18, 2021, 4:30 PM IST

বৰপেটা, ১৮ মে': বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন এগৰাকী ৰোগীৰ ক'ভিড পৰীক্ষাৰ নমুনা হেৰাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হাস্পতাল কতৃপক্ষৰ দায়িত্বহীনতাৰ বাবে এজন ৰোগীয়ে চাৰিদিন ধৰি হাস্পতালত পৰি থাকিবলগীয়া ঘটনাক লৈ পৰিয়ালৰ লোকে অসন্তুষ্টি ব্যক্ত কৰিছে ৷

বৰপেটাৰোড চহৰৰ উত্তৰ আঠিয়াবাৰী গাঁৱৰ জ্যোতিৰ্ময় দাস নামৰ এজন যুৱকক বিগত ১৫ মে'ত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ নিয়ম অনুসৰি যুৱকজনৰ ক'ভিড পৰীক্ষা কৰা হয় আৰু ১৬ মে'ত ক'ভিড পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ কথা ৷ কিন্তু ৰোগীজনে ১৭ মে'লৈকে নাপালে ক'ভিড পৰীক্ষাৰ ৰিজাল্ট ৷

ক'ভিড পৰীক্ষাৰ ছেম্পল হেৰাল বৰপেটা মেডিকেল কলেজ হাস্পতালত : ৰোগীৰ হাৰাশাস্তি

হাস্পতালৰ কৰ্মচাৰীসকলে ৰোগীৰ অভিভাৱকক ৰিজাল্টৰ নামত বাৰম্বাৰ ঘূৰাই থকাৰ পিচত অভিভাৱকে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰক অভিযোগ দিয়ে ৷ অধ্যক্ষক অভিযোগ দিয়াৰ পিচতে ক'ভিড পৰীক্ষাৰ সৈতে জৰিতসকলে ৰোগী গৰাকীৰ ছেম্পল হেৰোৱা বুলিহে জানিবলৈ দিয়ে ৷

অৱশ্যে অধ্যক্ষৰ নিৰ্দেশমৰ্মে তৎকালীনভাৱে পুনৰ ৰোগীজনৰ ক'ভিড পৰীক্ষা কৰা হয় আৰু তেওঁৰ ফলাফল নিগেটিভ বুলি জানিবলৈ দিয়ে ৷

যিসময়ত কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰি আছে, তেনে সময়তে এগৰাকী ৰোগী এনেদৰে হাস্পতালত পৰি থাকিবলগীয়া হোৱাৰ লগতে ৰোগীৰ প্ৰতি সামান্যতমো গুৰুত্ব প্ৰদান নকৰাতো কিমান ভয়াৱহ সেই কথা ভূক্তভোগীসকলে নিশ্চয় বুজি পাব ৷ এনেক্ষেত্ৰত নিশ্চয়কৈ ক'ভিড পৰীক্ষাৰ সৈতে জড়িত কৰ্মচাৰীসকল নিজৰ দায়িত্ব সম্পৰ্কে সজাগ হোৱাৰ লগতে হাস্পতাল কতৃপক্ষ কঠোৰ হোৱাৰ প্ৰয়োজন আছে ৷

লগতে পঢ়ক :অসমবাসীলৈ আশাৰ বতৰা কঢ়িয়াইছে বৰষুণে

ABOUT THE AUTHOR

...view details