জনীয়া,৯ জুন: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলাই জিলাই অধিক সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনে । বুধবাৰে বৰপেটা জিলাতো ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা(Covid Test) সম্পন্ন কৰা হয় । ক'ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ বৰপেটাৰ জিলা উপায়ুক্ত(Barpeta DC)ই এক নিৰ্দেশ জাৰি কৰিছিল ।
এই নিৰ্দেশমৰ্মে কলগাছিয়াৰ সাপ্তাহিক বজাৰ(Kalgachia weekly market)ত ব্যৱসায়ীসকলৰ ক'ভিড পৰীক্ষা কৰোৱা হয় । কলগাছিয়া মহকুমা স্বাস্থ্যখণ্ডৰ তৰফৰ পৰা পুৱাৰে পৰা কলগাছিয়াৰ বজাৰে বজাৰে ক'ভিড পৰীক্ষা সম্পন্ন কৰি ক'ভিড আক্ৰান্তক চিনাক্ত কৰিছে স্বাস্থ্য কৰ্মীসকলে ।