অসম

assam

ETV Bharat / state

কলগাছিয়াত ৰাইজৰ মাজত অভাৱ ঘটিছে ক’ভিড সজাগতাৰ - covid protocol

কলগাছিয়াত চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজ খেয়া খুচি মতে ঘূৰি ফুৰা দেখা গৈছে একাংশ লোকক ৷ সমাগত ঈদৰ বজাৰ কৰিবলৈ ওলাই আহিল শ শ লোক ৷

ব্যাপক হাৰত কলগাছিয়াত ভংগ ক’ভিড প্ৰটক’ল
ব্যাপক হাৰত কলগাছিয়াত ভংগ ক’ভিড প্ৰটক’ল

By

Published : May 8, 2021, 9:27 PM IST

জনীয়া, 8 মে ' : অসমত দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কৰ’ণাৰ ভয়াৱহতাৰ পাছতো চৰকাৰে জাৰি কৰা কোনো নীতি নিয়ম মনা নাই কলগাছিয়াৰ একাংশ ৰাইজে । কলগাছিয়াৰ বজাৰ সমূহত মানুহৰ অস্বাভাৱিক সমাগম দেখিবলৈ পোৱা গৈছে ।

ব্যাপক হাৰত কলগাছিয়াত ভংগ ক’ভিড প্ৰটক’ল

একাংশৰ মুখত নাই মাস্ক, পালন কৰা নাই সামাজিক দূৰত্ব ৷ সমাগত ঈদৰ বজাৰ কৰাৰ বাবে বিশেষকৈ কাপোৰৰ দোকানত শিশুৰ লগতে সমাগম হৈছে ডেকাৰ লগতে বৃদ্ধ লোকলৈ ৷ কৰ’ণাৰ এই জটিল ক্ষণত ঈগৰ বজাৰ কৰাটো কিমান যুক্তিসংগত বুলি একাংশ সচেতন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰাৰ লগতে চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :দেশত কৰ’ণা প্ৰতিষেধক প্ৰদানৰ নামত ব্যয় মাথো ৪,৭৪৪ কোটি: এক প্ৰতিবেদন

ABOUT THE AUTHOR

...view details