অসম

assam

ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত এজন কৰ'ণা ৰোগীৰ মৃত্যু - ভাৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যত অব্যাহত আছে ক'ভিড-১৯ মহামাৰীৰ সংহাৰ । সোমবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ত কৰ'ণাত আক্ৰান্ত এগৰাকী ৰোগীৰ মৃত্যু ।

COVID PATIENT DEATH IN BARPETA
বৰপেটা অসামৰিক চিকিৎসালয়ত এজন কৰ'ণা ৰোগীৰ মৃত্যু

By

Published : May 11, 2021, 10:36 AM IST

জনীয়া, ১১ মে': প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা । সময়মতে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হোৱাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে । ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটাতো মহামাৰীয়ে বহুতৰে জীৱনলৈ কাল ধুমুহা নমাই আনিছে ।

সোমবাৰে সন্ধিয়া কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মৃত্যুক আঁকোৱালি ল'লে এজন কৰ'ণা ৰোগীয়ে । চিকিৎসকে জানিবলৈ দিয়া মতে, সোমবাৰে দুপৰীয়া হৃদয় দাস নামৰ ৪০ বছৰীয়া লোকজনক ভাৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ।

কিন্তু অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ৰোগীজনে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে আৰু সন্ধিয়া তেওঁৰ মৃত্যু হয় । আনহাতে, বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা কৰ'ণাত আক্ৰান্ত ৰোগীক বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, যদিও এই চিকিৎসালয়খনত আই চি ইউৰ ব্যৱস্থা নাই ।

চিকিৎসালয়খনত আই চি ইউৰ ব্যৱস্থা নথকা বাবেই ৰোগীজনক সময়মতে অক্সিজেন যোগান ধৰিব পৰা নগ'ল আৰু সেয়ে তেওঁ প্ৰাণ হেৰুৱালে বুলি অভিযোগো উত্থাপিত হৈছে ।

লগতে পঢ়ক:পৰিমল শুক্লবৈদ্যক মন্ত্ৰীত্ব প্ৰদানত উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী

ABOUT THE AUTHOR

...view details