অসম

assam

By

Published : Jun 12, 2021, 11:48 AM IST

ETV Bharat / state

বৰপেটাত 1.03 শতাংশলৈ হ্ৰাস পালে ক'ভিড সংক্ৰমণ

পূৰ্বৰ তুলনাত বৰপেটা ক'ভিড (Covid) সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ৷ সাংবাদিকক সম্বোধন কৰি এই কথা জানিবলৈ দিলে বৰপেটা জিলাৰ উপায়ুক্ত টি পি ভূষালে (T P Bhusal) ৷ ইফালে জিলাখনত ভেকচিন প্ৰদানৰ লগতে ক'ভিড পৰীক্ষা দুগুনলৈ বৃদ্ধি কৰা হৈছে বুলিও জিলা উপায়ুক্তই জানিবলৈ দিয়ে ৷

covid updates in barpeta
বৰপেটাত 1.03 শতাংশলৈ হ্ৰাস পালে ক'ভিড সংক্ৰমণ

বৰপেটা, 12 জুন : বৰপেটা জিলাত ক'ভিড (Covid) সংক্ৰমণৰ হাৰ 1.03 শতাংশলৈ হ্ৰাস পাইছে ৷ পূৰ্বে জিলাখনত ক'ভিড (Covid) সংক্ৰমণৰ হাৰ 8 শতাংশলৈ বৃদ্ধি পাইছিল যদিও যোৱা কেইদিনত সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ৷ সাংবাদিকক সম্বোধন কৰি এই কথা জানিবলৈ দিলে বৰপেটা জিলাৰ উপায়ুক্ত টি পি ভূষালে (T P Bhusal) ৷

ইফালে, জিলাখনৰ প্ৰতিগৰাকী ব্যৱসায়ীৰ ক'ভিড (Covid) পৰীক্ষা বাধ্যতামূলক কৰাৰ লগতে ক'ভিড (Covid) পৰীক্ষা নকৰা লোকসকলক ব্যৱসায় প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল জিলা প্ৰশাসনে ৷ ব্যৱসায়ী সকলৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ ক'ভিড (Covid) পৰীক্ষাও বাধ্যতামূলক কৰিছিল জিলা প্ৰশাসনে ৷ এই পদক্ষেপৰ বাবে বৰপেটাত ক'ভিড (Covid)ৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিশেষভাৱে সফলতা লাভ কৰা বুলিও দাবী কৰে বৰপেটাৰ জিলা উপায়ুক্ত গৰাকীয়ে ৷

বৰপেটাত 1.03 শতাংশলৈ হ্ৰাস পালে ক'ভিড সংক্ৰমণ

সমান্তৰালভাৱে, বৰপেটা জিলাত ক'ভিড ভেকচিন (Covid Vaccine) নাটনিৰ বিষয়তো মন্তব্য প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ তেওঁ কয়, বৰপেটা জিলাত বিগত দুদিন ধৰি ক'ভিড ভেকচিন (Covid Vaccine)ৰ নাটনি হৈছিল যদিও জিলাখনলৈ নতুনকৈ ভেকচিনৰ যোগান ধৰা হৈছে ৷ সম্প্ৰতি জিলাখনত ভেকচিন প্ৰদানৰ লগতে ক'ভিড পৰীক্ষা দুগুনলৈ বৃদ্ধি কৰা হৈছে বুলিও জিলা উপায়ুক্তই জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই (Basistha Sarma) মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বিশ হাজাৰ টকা আগবঢ়োৱাৰ সিদ্ধান্তক শলাগ লৈ এইক্ষেত্ৰত চৰকাৰৰ সৈতে সকলোকে সহযোগিতাৰ আগবঢ়াবলৈ আহ্বান জনাই জিলা উপায়ুক্ত গৰাকীয়ে ৷

মন কৰিবলগীয়া যে, বৰপেটা জিলাত ক'ভিড (Covid)ত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে ৷ বৰ্তমান বৰপেটা জিলাত ক'ভিড (Covid)ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১০৪ গৰাকী ৷ বৰ্তমান জিলাখনৰ ক'ভিড (Covid)ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৭৮৩ গৰাকী ৷

লগতে পঢ়ক : ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details