পাঠশালা, ১৩ আগষ্ট: অসমৰ কেইখনমান জিলাত এতিয়াও কৰ'ণা(CORONA)ৰ সংক্ৰমণ বৃদ্ধি হৈ আছে । সেয়ে, জিলা বিশেষে সান্ধ্য আইন(Curfew) বলৱতৰ সময় সীমাও পৃথক পৃথককৈ নিৰ্ধাৰণ কৰা হৈছে । কিন্তু বৰ্তমান সামগ্ৰিকভাৱে ক'ভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱা বাবে ৰাজ্যত সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা অহাৰ পাছতে এসপ্তাহৰ ভিতৰতে বজালী জিলাত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ।
বজালী জিলাৰ নগৰ অঞ্চলৰ লগতে গ্ৰামাঞ্চলতো বাঢ়িছে ক'ভিড ৰোগী(Covid patient)ৰ সংখ্যা । বুধবাৰৰ দিনটোত জিলাখনত ৫১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । সোমবাৰে বজালী জিলাত ৩৪ গৰাকী, মঙলবাৰে ২৭ গৰাকী লোক মহামাৰীৰ কবলত পৰে । জিলাখনৰ নিজ সৰিহ, পাঠশালা, দৈশিংগৰী, ঘটবৰ, ডুমুৰীয়াত আক্রান্ত সংখ্যা সৰ্বাধিক ।