অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড 19 সন্দৰ্ভত সজাগতা সমদল - টিংখাঙত ক’ভিড 19 সজাগতা সমদল

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশনা অনুসৰি বুধবাৰে ৰাজ্যজুৰি উলিওৱা হয় ক’ভিড 19 সন্দৰ্ভত সজাগতা সমদল ৷ এই সমদলত বিভিন্ন জিলাৰ আশাকৰ্মী,অংগনাবাদী কৰ্মীকে ধৰে স্বাস্থ্য বিভাগৰ বিভিন্ন লোক উপস্থিত থাকে ৷

COVID 19 awareness rally
ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড 19 সন্দৰ্ভত সজাগতা সমদল

By

Published : Sep 23, 2020, 6:55 PM IST

নিউজ ডেক্স, 23 ছেপ্তেম্বৰঃ ৰাজ্যত প্ৰতিদিনে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভেগে গ্ৰহণ কৰিছে কৰ’ণা সজাগতা অভিযান ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিৰ্দেশনা অনুসৰি এই সজাগতা অনুষ্ঠানৰ মাজৰে প্ৰতিখন জিলাৰ আশাকৰ্মী, অংগনাৱাদী কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ লোকসকলে ঘৰে ঘৰে গৈ সজাগতা অভিযান চলাব ৷

এই অভিযানৰ অংশস্বৰূপে বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাস্থ্যকৰ্মী সকলে উলিয়াইসমদল ৷ টিংখাঙৰ বাণিজ্যিক কেন্দ্ৰস্থল ৰাজগড়তো ৰাজগড় সামুহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মী, আশাকৰ্মী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ চিকিৎসালয় খনৰ চৌহদৰ পৰা মৰাণ নাহৰকটীয়া ৰাজ্যিক পথেৰে সজাগতা সমলদল বাহিৰ কৰে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড 19 সন্দৰ্ভত সজাগতা সমদল

বৰপেটাতো বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগনৰ পৰা আশাকৰ্মীসকলে চহৰখন পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত সজগতা বৃদ্ধিৰ প্ৰয়াস চলায় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ আনহাতে, জিলাখনত ক্ৰমাৎ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে স্বাস্থ্যকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে উপায়ুক্তগৰাকীয়ে ৷ কাইলৈৰ পৰা বৰপেটা জিলাৰ প্ৰতিটো খণ্ড স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আশা কৰ্মী সকলে ঘৰে-ঘৰে গৈ ৰাইজক ক’ভিডৰ নিয়মৱলীসমূহৰ বিষয়ে সজাগ কৰাৰ চেষ্টা চলাব বুলি যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিয়ে।

সমান্তৰালকৈ মঙলদৈতো মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা কৰ’ণা বিৰোধী সজাগতা সমদল উলিওৱা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত দিলিপ কুমাৰ বৰা ৷ চিৰাঙতো উপায়ুক্ত গৌতম তালুকদাৰে আনুষ্ঠানিকভাৱে সজাগতা সমদলৰ শুভাৰম্ভ কৰে ৷ প্ৰায় দুই শতাধিক আশা কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ, জিলা স্বাস্থ্য বিভাগৰ মেডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ লগতে অন্যান্য বিষয়ববীয়া ৷

লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা

ABOUT THE AUTHOR

...view details