অসম

assam

By

Published : Mar 28, 2020, 7:36 PM IST

ETV Bharat / state

কৰ'ণাৰ আতঙ্কৰ মাজতে বৰপেটাত জব্দ লক্ষাধিক টকাৰ অবৈধ সুৰা

মহামাৰী কৰ'ণা ভাইৰাছৰ আতঙ্কৰ মাজতে বৰপেটা জিলাৰ সৰ্থেবাৰীত আৰক্ষীয়ে জব্দ কৰে লক্ষাধিত টকাৰ সুৰা ৷ সৰ্থেবাৰীৰ বেলবাৰীত আৰক্ষীয়ে জব্দ কৰে প্ৰায় 6 লক্ষাধিক টকা মূল্যৰ অবৈধ বিলাতী সুৰা ৷

বৰপেটাত জব্দ লক্ষাধিক টকাৰ অবৈধ সুৰা
বৰপেটাত জব্দ লক্ষাধিক টকাৰ অবৈধ সুৰা

বৰপেটা, 28 মাৰ্চ : মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ঘোষিত হৈছে লকডাউন কাৰ্যসূচী । এই লকডাউন কাৰ্যসূচী প্ৰক্ৰিয়া সুচাৰুৰূপে কাৰ্যক্ষম কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি শ্ৰম কৰিছে আৰক্ষীয়ে । মহামাৰী কৰ'ণা ভাইৰাছৰ আতঙ্কৰ মাজতে সৰ্থেবাৰীৰ বেলবাৰীত আৰক্ষীয়ে জব্দ কৰিলে ছয় লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা ।

মহামাৰী কৰ'ণা ভাইৰাছৰ আতঙ্কৰ মাজতে সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ সফলতা । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে বিভিন্ন পন্থা অৱলম্বন কৰাৰ সময়তে আজি সৰ্থেবাৰীৰ বেলবাৰীত এইদৰে জব্দ হ'ল এক গাড়ী অবৈধ বিলাতী সুৰা । বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত চলা নিয়মীয়া তালাচী অভিযানত ধৰা পৰিল অবৈধ বিলাতী সুৰা সৰবৰাহ কৰা এই গাড়ীখন ।

বৰপেটাত জব্দ লক্ষাধিক টকাৰ অবৈধ সুৰা

সৰ্থেবাৰীৰ বেলবাৰীত প্ৰথমতে ৰখাই থোৱা এই গাড়ীখনত কিছু অবৈধ সুৰা জব্দ কৰা হয় । কিন্তু গাড়ীৰ গৰাকী বেলবাৰীৰ বিপুল ডেকাই গাড়ী এৰি পলায়ন কৰে । লগে লগেই আৰক্ষীয়ে বিপুল ডেকাৰ ঘৰত তালাচী চলাই এই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি জব্দ কৰা অবৈধ বিলাতী সুৰাৰ পৰিমাণ হ'ল 92 কাৰ্টন ৷

প্ৰায় ছয় লক্ষ টকা মূল্যৰ এই অবৈধ বিলাতী সুৰাখিনি জব্দ কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে । ইপিনে আজি পুৱা উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই চলোৱা এক অভিযানত সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাপাৰাত লকডাউন ভংগৰ অপৰাধত হাজোৰ খোপনিকুচিৰ পৰা অহা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ধৃত ব্যক্তি দুগৰাকী আছান আলী আলী জয়নাল আলী বুলি জানিব পৰা গৈছে । দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত 123/2020 নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ 188/269/270 ধাৰাৰ অধীনত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ।

ABOUT THE AUTHOR

...view details