অসম

assam

ETV Bharat / state

কলগাছিয়াত বিনামূলীয়া চাউল বিতৰণত দূৰ্নীতি সুলভ মূল্যৰ ব্যৱসায়ীৰ ! - কলগাছিয়াৰ গুনিয়ালগুৰি

বৰপেটা জিলাৰ কলগাছিয়াৰ গুনিয়ালগুৰিত বিনামূলীয়া চাউল বিতৰণত সুলভ মূল্যৰ ব্যৱসায়ীৰ ব্যাপক লুণ্ঠনৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ নিৰ্ধাৰিত পৰিমাণতকৈ প্ৰায় কম পৰিমাণৰ চাউল বিতৰণ গ্ৰাহকক । ঘটনা প্ৰসংগত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বঞ্চিত হিতাধিকাৰীৰ ৷

Corruption on distribution rice jania barpeta etv bharat news
চাউল বিতৰণত কেলেংকাৰী

By

Published : May 7, 2020, 12:00 PM IST

জনিয়া,7 মে’ঃবৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত দক্ষিণ ৰূপসী সমবায় সমিতিত চাউল বিতৰণত সংঘটিত ব্যাপক কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন আঁচনিৰ অন্তৰ্গত প্ৰতিগৰাকী হিতাধিকাৰীৰ ৷ অঞ্চলটোৰ অধিকাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে নিয়মিত মাহেকীয়া চাউল বিতৰণৰ লগতে চৰকাৰে শেহতীয়া পৰিস্থিতিৰ বাবে প্ৰদান কৰা বিনামূলীয়া চাউল বিতৰণতো সংঘটিত কৰিছে লুণ্ঠন । শেহতীয়াকৈ এই লুণ্ঠন সন্দৰ্ভত নাম সাঙোৰ খাইছে গুনিয়ালগুৰি গাঁৱৰ আফছাৰ আলী আৰু ৰজব আলী নামৰ দুই সুলভ মূল্যৰ ব্যৱসায়ীৰ ।

চাউল বিতৰণত কেলেংকাৰী

উল্লেখ্য যে, লক্​ ডাউনৰ ফলত উদ্ভৱ হোৱা খাদ্য সংকটৰ বাবে চৰকাৰে বিনামূলীয়াকৈ চাউল হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে । কিন্তু কলগাছিয়াৰ উক্ত ব্যৱসায়ী দুজনে প্ৰতিজন হিতাধিকাৰীক নিৰ্দিষ্ট পৰিমাণতকৈ কম পৰিমাণৰ চাউল বিতৰণ কৰে ৷ দুয়োখন দোকানতে চাউল কমকৈ বিতৰণ কৰাৰ প্ৰমাণ ইতিমধ্যে সংবাদমাধ্যমৰ কেমেৰাত আবদ্ধ হৈছে ৷ বিতৰ্কিত সুলভ মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আফছাৰ আলীয়ে ঘটনাৰ সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে ৰজব আলীয়ে সাংবাদিক দেখি পলায়ন কৰে । দুয়োগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ।

চাউল বিতৰণত কেলেংকাৰী

লগতে চাওকঃঅসমত পুনৰ COVID-19ত আক্ৰান্ত এজন !

ABOUT THE AUTHOR

...view details