অসম

assam

ETV Bharat / state

তিতাপানী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ - তিতাপানী গাঁও পঞ্চায়ত

তিতাপানী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই দুৰ্নীতিৰ সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীলৈ কৃষক মুক্তিয়ে (KMSS) এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

corruption in titapani village panchayat
তিতাপানী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Jul 24, 2021, 5:39 PM IST

জনীয়া, 25 জুলাই : ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ থকা চৰকাৰৰ দিনতে বিভিন্ন বিভাগত দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ (Rupsi Developmnet Block) অন্তৰ্গত ৫৩ নং তিতাপানী গাঁও পঞ্চায়তত ৷ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৫৩ নং তিতাপানী গাঁও পঞ্চায়তৰ সচিব আৰু সভাপতি গৰাকীৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩ নং তিতাপানী গাঁও পঞ্চায়তত বিগত তিনি বছৰে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰতিটো কামতে পঞ্চায়ত সভাপতি আছাদুল ইছলাম আৰু সচিব মফিদুল ইছলামে দুৰ্নীতিৰ আশ্ৰয় লৈছে ৷ গাঁৱৰ প্ৰতিটো কামৰ নামত দুৰ্নীতি সংঘটিত কৰি আহিছে সভাপতি আছাদুল ইছলাম আৰু সচিব মফিদুল ইছলামে । গাঁও পঞ্চায়তত হোৱা প্ৰায়বোৰ কাম ২০ ৰ পৰা ৩০ শতাংশ কৰি ১০০ শতাংশ কাম দেখুৱাই ৭৫ শতাংশ ধনেই নিজৰ পকেটত সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়তৰ সভাপতি আৰু সচিব গৰাকীৰ বিৰুদ্ধে ৷

তিতাপানী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

৫৩ নং তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব গৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এইবাৰ লাংলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লাংলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পঞ্চায়তৰ সভাপতি আৰু সচিবগৰাকীৰ দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বিগত ২১/০৬/২১ তাৰিখে ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ইয়াৰে পৰৱৰ্তী সময়ত অৰ্থাৎ ৩০/০৬/২১ তাৰিখে বৰপেটা জিলা উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া বৰপেটা, মুখ্য কাৰ্যবাহী অভিযন্তাকো এই সন্দৰ্ভত আন এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই উচিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

যাৰ ফলত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী গাঁওবাসীৰ লগতে লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ সেয়ে পুনৰ লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে এই দুৰ্নীতিৰ সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীৰ্ঘ্ৰেই এই দুৰ্নীতিৰ সন্দৰ্ভত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷

আনকি অতি শীঘ্ৰেই ইয়াৰ উচিত তদন্ত নহ’লে অনাগত দিনত পঞ্চায়তৰ ৰাইজৰ সহযোগত লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে লাংলা কৃষক মুক্তিৰ সম্পাদক ৰকিবুল ইছলামে ৷

লগতে পঢ়ক:মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ নাম সলনি

ABOUT THE AUTHOR

...view details