অসম

assam

ETV Bharat / state

চেঙা আদৰ্শ চিকিৎসালয় নিৰ্মাণত অনিয়মৰ অভিযোগ - চেঙা ঐক্য সন্মিলন আৰু চেঙা ছাত্ৰ সন্থা

প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা চেঙা আদৰ্শ চিকিৎসালয়খনৰ সকলো নিৰ্মাণ কাৰ্যত ঠিকাদাৰে নিম্নমানৰ ইটা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে প্ৰায় ২৫ বছৰ পুৰণি হাস্পতালখনৰ ভগ্ন গৃহৰ পুৰণি ইটা ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে ৷ ঠিকাদাৰগৰাকীয়ে চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে চেঙা ঐক্য সন্মিলন আৰু চেঙা ছাত্ৰ সন্থাই চিকিৎসালয়ৰ সকলো নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে ।

Barpeta
চেঙা আদৰ্শ চিকিৎসালয় নিৰ্মাণত অনিয়মৰ অভিযোগ

By

Published : Jul 19, 2020, 5:25 PM IST

বৰপেটা, ১৯ জুলাই : বৰপেটা জিলাৰ চেঙাত নিৰ্মীয়মান চেঙা আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চেঙা গাঁৱৰ মুল সামাজিক অনুষ্ঠান চেঙা ঐক্য সন্মিলন আৰু চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন অনুষ্ঠানে চিকিৎসালয়খন নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে । আনকি ক্ষুব্ধ ৰাইজে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যও বন্ধ কৰি দিছে ৷

লগতে পঢ়কঃওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ

প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা চেঙা আদৰ্শ চিকিৎসালয়খনৰ সকলো নিৰ্মাণ কাৰ্যত ঠিকাদাৰে নিম্নমানৰ ইটা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে প্ৰায় ২৫ বছৰ পুৰণি হাস্পতালখনৰ ভগ্ন গৃহৰ পুৰণি ইটা ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে ৷ ঠিকাদাৰগৰাকীয়ে চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ পৰিপ্ৰেক্ষিত ইতিমধ্যে চেঙা ঐক্য সন্মিলন আৰু চেঙা ছাত্ৰ সন্থাই চিকিৎসালয়ৰ সকলো নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে ।

চেঙা আদৰ্শ চিকিৎসালয় নিৰ্মাণত অনিয়মৰ অভিযোগ

ইয়াৰ উপৰিও চিকিৎসালয়খনৰ খুঁটা নিৰ্মাণৰ ক্ষেত্ৰতো বিসংগতিৰ তথ্য পোহৰলৈ আহিছে । ৩ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই আধাৰশিলা স্থাপন কৰি চিকিৎসালয় নিৰ্মাণৰ কাম তেওঁ নিজেই তদাৰক কৰিব বুলি ঘোষণা কৰিছিল ৷ সেয়ে চেঙা আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যত সংঘটিত অনিয়ম সন্দৰ্ভত চৰকাৰে এতিয়া কি ব্যৱস্থা হাতত লয় তালৈ ৰাইজে বাট চাইছে ৷

ABOUT THE AUTHOR

...view details