বৰপেটা , 31 জানুৱাৰী :দুৰ্নীতিৰ গ্ৰাসত সমগ্ৰ ৰাজ্য ৷ বাদ পৰা নাই শিক্ষানুষ্ঠানসমূহো ৷ বৰপেটা জিলাৰ কলগাচিয়াৰ এখন চৰকাৰী বিদ্যালয় দুৰ্নীতিৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছে । কলগাছিয়াৰ সাওঁৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিণত হৈছে দুৰ্নীতিৰ ঘাটীলৈ, যিয়ে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ।
বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে ৷ পূৰ্ণ কাৰ্যকৰী কমিটি গঠন নকৰাকৈয়ে নিয়ম বহিৰ্ভূতভাৱে যুটীয়া একাউন্টৰ পৰা ১ লাখ ৪০ হাজাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতি ক্ৰমে মুক্তাৰ আলী আৰু অমজাদ হুছেইনৰ বিৰুদ্ধে । উল্লেখ্য যে, বিদ্যালয়ৰ অধ্যক্ষ মুক্তাৰ আলীয়ে কিছুদিন পূৰ্বে সহ শিক্ষক ছাবান আলীক প্ৰহাৰ কৰাৰ অভিযোগত নিলম্বিত হৈছে আৰু নিলম্বন হোৱাৰ দুদিন পূৰ্বে জালিয়াতিৰে টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে সাওঁৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে (Corruption in saurasora higher Higher Secondary School) ।
অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কেৱল এয়াই নহয়, ইয়াতকৈও ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ শিক্ষক মণ্ডলীৰ লগতে শিক্ষাৰ্থীসকলেও ৷ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম, মধ্যাহ্ন ভোজন আৰু ছাত্ৰ বৃত্তিৰ নামত অহা ধনো আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়াৰ সাওঁৰাচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে । ছাত্ৰ-ছাত্ৰীৰ পাঠ্য-পুথি বিক্ৰী কৰাৰ লগতে ছাত্ৰ বৃত্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০০ টকাকৈ উৎকোচ লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে (Scam in saurasora higher Higher Secondary School) ।